লোকসভাত গৃহীত হ’ল তিনি তালাক বিধেয়ক: প্ৰতিবাদ বিৰোধীৰ

লোকসভাত গৃহীত হ’ল তিনি তালাক বিধেয়ক: প্ৰতিবাদ বিৰোধীৰ

মুছলিম লোকসকলৰ মাজত তিনি তালাক আৰু দোষী স্বামীসকলক তিনিবছৰ শাস্তি দিয়াৰ সন্দৰ্ভত বিতৰ্কিত বিধেয়কখন বৃহস্পতি বাৰে লোকসভাত মৌখিক ভোটত গৃহীত কৰা হয় ৷উল্লেখ্য যে তিনি তালাক বিধেয়ক খনক লৈ শাসক বিৰোধীৰ মাজত তৰ্ক বিতৰ্ক চলি আছিল যদিও কেন্দ্ৰীয় চৰকাৰে বহু বিতৰ্কিত বিধেয়কখন গৃহীত কৰে।

বিধেয়কখনৰ সপক্ষে ৩০২ জন আৰু বিপক্ষে ৭৮ জন সাংসদে ভোট দিয়ে ৷তিনি তালাক দিলে স্বামীক তিনিবছৰ পৰ্যন্ত কাৰাদণ্ডৰ বিধান বিধেয়কখনত অন্তৰ্ভূক্ত কৰা হৈছে ৷তিনি তালাক বিধেয়ক নামেৰে জনাজাত ২০১৯ চনৰ মুছলিম মহিলা বিধেয়কখনৰ বিষয়ে লোকসভাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

বিধেয়কখন উত্থাপন কৰি কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় ইয়াৰ জৰিয়তে নাৰী পুৰুষৰ সমতা স্থাপন হ’ব ৷তেওঁৰ মতে পাকিস্তান, মালয়েছিয়াসহ বিশ্বৰ কুৰিখন দেশে যদি তালাক নিষিদ্ধ কৰিব পাৰে তেন্তে আমি নোৱাৰো কিয়? ইফালে বিধেয়কখন লৈ চলা বিতৰ্কৰ মাজতে সদন ত্যাগ কৰে নীতিশ কুমাৰৰ জনতা দলৰ সাংসদ সকলে ৷বিধেয়কখন লৈ চলা বিতৰ্ককালত কেন্দ্ৰীয় আইনমন্ত্ৰীগৰাকীয়ে কয় লিংগ সমতা আৰু ন্যায় বিছাৰৰ স্বাৰ্থতে বিধেয়কখন গৃহীত কৰাৰ প্ৰয়োজন ৷

উচ্চতম ন্যায়ালয়ৰ মন্তব্য যে তিনি তালাক অসাংবিধানিক৷এই সন্দৰ্ভত যেতিয়া এখন আইনৰ ব্যৱস্থা কৰা হয় তেতিয়া আকৌ সকলোৱে ইয়াৰ বিৰোধ কৰিছে ৷এনে ধৰণৰ পৰিস্থিতিত আমাৰ মুছলিম মহিলাসকলে কি কৰিব লাগে। আমি মুছলিম মহিলাসকলক এৰি দিব নোৱাৰো ৷ ভাৰতীয় সংবিধানত সকলো পুৰুষ মহিলাকে সম অধিকাৰ প্ৰদান কৰিছে গতিকে এই বিধেয়ক খনৰ অত্যন্ত আৱশ্যক ৷

লগতে এই বিধেয়কখনে সমাজৰ লোকসকলৰ ক্ষেত্ৰত এক বিশেষ দৃষ্টিভংগী কঢ়িযাই আনিব বুলিও মন্তব্য কৰে ৷আইনমন্ত্ৰী গৰাকীয়ে লগতে মুছলিম ৱমেন বিল ২০১৯ শীৰ্ষক বিধেয়কখনৰ সন্দৰ্ভত কয় যে নতুনৰ আইনৰ যাতে অপব্যৱহাৰ নহয় ৷তাৰ কাৰণ বিধেয়কখনত কিছুমান ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে ৷বিধেয়কখনত উল্লেখ থকা অনুসৰি তাৎক্ষনিক তিনি তালাক জামিন যোগ্য অপৰাধ। কিন্তু বিচাৰ আৰম্ভ হোৱাৰ পূৰ্বে অভিযুক্ত ব্যক্তিয়ে বিচাৰকৰ ওচৰত জামিন বিছাৰিব পাৰে ৷

আনহাতে তিনি তালাক বিধেয়কখনৰ মতে পত্নীক দিয়া তিনি তালাকৰ জৰিয়তে বিবাহ বিচ্ছেদ কৰা ব্যক্তি এগৰাকীয়ে তিনি বছৰলৈ কাৰাদণ্ড খাটিবলগা হ’ব পাৰে ৷ইফালে সদনত বহু বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ পিছত বিৰোধীসকলে প্ৰতিবাদ জনাই সদন ত্যাগ কৰাৰ পিছত কংগ্ৰেছৰ সাংসদ সকলেও সদন ত্যাগ কৰে ৷এই সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয় যে লোকসভাত এন ডি এৰ সংখ্যাগৰিষ্ঠতা আছে ঠিকেই কিন্তু চৰকাৰে সংসদীয় সমিটীক উলাই কৰিব নোৱাৰে ৷ইফালে কংগ্ৰেছৰ লগতে বিজু জনতা দল আৰু অন্ধ্ৰ প্ৰদেশৰ ৱাই এছ আৰ কংগ্ৰেছেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com