গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ

গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত গুৱাহাটীত তিনি যুৱকৰ মৃত্যুৰ ঘটনা আৰু গুলিচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।
শনিবাৰে এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কিশোৰ ভট্ট।চৰ্য্যই কয় , গনতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক আমি গৰিহণা দিছোঁ।সৰ্বানন্দ সোনোৱালে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় এক ৰাষ্ট্ৰীয় সংস্থাত ৰূপান্তৰিত কৰি অসমৰ ৰাইজক জাতি, মাটি,ভেটি ৰক্ষাৰ আশ্বাস দিছে। এতিয়া মুখ্যমন্ত্রীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক কঠোৰ হাতেৰে দমন কৰিছে।ৰাজ্যৰ গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। তেওঁ ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ কোনো নৈতিক অধিকাৰ নাই। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী আন্দোলনক এক সাম্প্ৰদায়িক ৰহন সনাৰ বাবে বিজেপি দলে চেষ্টা কৰিছে বুলিও অভিযোগ কৰে কিশোৰ ভট্টাচাৰ্য্য।
অন্য খবৰৰ বাবে পঢ়ক : নতুন ৰাজনৈতিক মঞ্চ গঠন কৰিব বুলি অংগীকাৰ জুবিনৰ
ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill