Begin typing your search above and press return to search.

কয়লাৰ অবৈধ খননৰ ক্ষেত্ৰত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বন বিভাগক

কয়লাৰ অবৈধ খননৰ ক্ষেত্ৰত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বন বিভাগক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2019 10:25 AM GMT

কয়লাৰ অবৈধ খননৰ ক্ষেত্ৰত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বন বিভাগক । কয়লাৰ অবৈধ খননৰ ক্ষেত্ৰত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বন বিভাগক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে বন বিভাগক দিছে এই বিশেষ নিৰ্দেশনা। মুখ্য ন্যায়াধীশ অজয় ল।ম্বা আৰু ন্যায়াদিশ অচিন্ত মল্ল বুজৰ বৰুৱাই অসম পৰিবেশ আৰু বন বিভাগৰ আয়ুক্ত আৰু সচিবলৈ নিৰ্দেশ দিছে এজন শীৰ্ষ বন বিষয়াৰ নেতৃত্বত এক পাঁচ জনীয়া কমিটি গঠন কৰাৰ বাবে। এই কমিটিক টিপামৰ সমগ্ৰ অঞ্চলৰ লগতে উজনি অসমৰ অসম অৰুণাচল প্ৰদেশৰ সীমাত চলি থকা কয়লাৰ অবৈধ খনন আৰু চোৰাং ব্যৱসায়ৰ তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছে ন্যায়ালয়ে।

এই কমিটিক উচ্চ ন্যায়ালয়ে ৩১ জানুৱাৰী ,২০২০ ৰ ভিতৰত ৰিপোৰ্ট জমা দিবৰ বাবে নিৰ্দেশ দিছে।এই নিৰ্দেশ এনে এটা সময়ত দিছে যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যত কয়লাৰ চিণ্ডিকেট চলি থকা বুলি প্ৰায়ে উঠি থকা অভিযোগ নাকচ কৰিছে। কমিটিৰ অন্য সদস্য সকল থাকিব মহকুমা ন্যায়াধীশ আৰু সহ আৰক্ষী অধীক্ষক ।

বিচাৰপীঠখনে লগতে এইটো ও দৃষ্টি গোচৰ কৰে যে এই সন্দৰ্ভত এখন পি আই এল ২০১৮চনৰ মে মাহৰ পৰাই আছে। ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনাও দিয়া হয় যে টিপাম অঞ্চলত তদন্তৰ লগতে বিভিন্ন এজেন্সি,বন বিভাগৰ কাৰ্য্যালয়,পঞ্চায়ত বিভাগ,আৰক্ষী বিভাগ,সেই জিলাৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কাম কাজ আৰু অন।ন্য দিশ যাতে তদন্ত কমিটিয়ে পৰীক্ষাৰ কৰে। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্ত কমিটিক স্পষ্ট নিৰ্দেশনা দিয়ে সমগ্ৰ ঘটনাৰ যাতে কমিটিয়ে চৰজমিন তদন্ত কৰে।

অন্য খবৰৰ বাবে পঢ়ক : অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কাৰৰ‌‌ বাবে দিছপুৰে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিব‌‌‌ লাগে

ভিডিঅ প্ৰতক্ষ্য কৰক: Senior Citizens of Lakhimpur District stage protest against CAA 2019 near DC’s Office

Next Story
চাকৰি