অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কাৰৰ‌‌ বাবে দিছপুৰে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিব‌‌‌ লাগে

অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কাৰৰ‌‌ বাবে দিছপুৰে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিব‌‌‌ লাগে

অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কাৰৰ‌‌ বাবে দিছপুৰে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিব‌‌‌ লাগে। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বধীন চৰকাৰ খনে অসমৰ পৰা অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কাৰৰ‌‌ বাবে কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে । এয়া বিশেষ ভাৱে মহত্বপূৰ্ণ কিয়নো বৰ্তমানৰ পদ্ধতিয়ে উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে। অসম চৰকাৰ আৰু গৃহ আৰু ৰাজনীতি বিভাগৰ তথ্য অনুসৰি ২০১৩ চনৰ পিছত কেৱল মাত্ৰ ছয় জন অনুপ্ৰবেশকাৰীক বিদেশী ঘোষিত কৰা হৈছে।

১৯৮৫ চনৰ পিছত বিদেশী ন্যায়াধীকৰণে অসমত ৮৪,০০০ তকৈ অধিক অনুপ্ৰবেশকাৰীৰ ঘোষনা কৰিছিল। তাৰ ভিতৰত যথেষ্ট সংখ্যক ব্যক্তি আছিল বাংলাদেশৰ পৰা ।

২০১৩ চনৰ আগৰ ঘোষিত সকলো বিদেশীক বাংলাদেশীলৈ পঠোৱা হয় । তদুপৰি ২০১৩ চনৰ মাৰ্চ মাহত ভাৰত আৰু বাংলাদেশৰ চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ চুক্তি পিছত অবৈধ ৰূপত প্ৰৱেশ কৰা বাংলাদেশী সকলত বাংলাদেশলৈ পঠোৱা আৰম্ভ কৰা হৈছিল ।

নতুন নিয়ম অনুসৰি, যদি কোনো ব্যক্তি বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা অবৈধ বাংলাদেশী বুলি ঘোষিত হয় তেন্তে অসম চৰকাৰে তেনে ব্যক্তিৰ বিশেষ ঠিকনা গৃহ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰণালয়ক প্ৰেৰণ কৰিব । এনে ধৰণৰ মতামতৰ ভিত্তিতেই ভাৰত চৰকাৰে বিস্তৃত বিৱৰণ বাংলাদেশ চৰকাৰলৈ প্ৰেৰণ কৰে । কিন্তু নিৰ্বাসন তেতিয়াহে সম্ভৱ যেতিয়া বাংলাদেশ চৰকাৰে তথ্য সমূহৰ নিৰীক্ষণ কৰে আৰু চৰকাৰী নিৰ্বাচনৰ বাবে সহযোগীতা আগবঢ়াই ।

এই নতুন প্ৰণালীৰ প্ৰথমতে অসম চৰকাৰে কেন্দ্ৰ চৰকাৰৰ উচিত অনুমতিৰ পিছত ঘোষিত বিদেশীক ভাৰত আৰু বাংলাদেশৰ সীমাত পূৰ্বে নিৰ্ধাৰণ কৰা ঠাইত লৈ যোৱা হয় আৰু তাৰ পিছত নিজৰ দেশলৈ নিৰ্বাসন কৰা হয় ।

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বাংলাদেশ চৰকাৰে তেওঁলোকৰ ভিচা আৰু দেশৰ বৈধ পাচপোৰ্টৰ সহায়ত তেওঁলোকক গ্ৰহন কৰে । ২০১৩ চনৰ মাৰ্চত বাংলাদেশ চৰকাৰে ২২১ জন বাংলাদেশী নাগৰিকক ভাৰত চৰকাৰৰ পৰা স্বীকাৰ কৰিছে ।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰী একে আব্দুল মোমেনে কৈছে যে তেওঁৰ দেশে ভাৰতত বাস কৰা অবৈধ বাংলাদেশীৰ তালিকা উপলব্ধ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰিছে আৰু সেই সকল লোকক তেওঁলোকে গ্ৰহন কৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com