Begin typing your search above and press return to search.

মছজিদত কোৰাণ দাহৰ ঘটনাঃ একেমুখে গৰিহণা শাসক-বিৰোধীৰ

মছজিদত কোৰাণ দাহৰ ঘটনাঃ একেমুখে গৰিহণা শাসক-বিৰোধীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2020 9:26 AM GMT

মছজিদত কোৰাণ দাহৰ ঘটনাঃ একেমুখে গৰিহণা শাসক-বিৰোধীৰ

বাগসা জিলাৰ এটা মছজিদত অলপতে দুৰ্বৃত্তই ধৰ্মীয় গ্ৰন্থ দাহ কৰাৰ ঘটনাক শাসক-বিৰোধী উভয়ে একেমুখে গৰিহণা দিছে। বুধবাৰে বিধানসভাত এই ঘৃণনীয় ঘটনাৰ প্ৰসংগ উত্থাপন কৰে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। লগে লগে শাসক-বিৰোধীয়ে ঘটনাটোক একেমুখে গৰিহণা দিয়াৰ লগতে অপৰাধীৰ কোনো ধৰ্ম নাই আৰু এনে ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা অপৰাধীক সমাজে এঘৰীয়া কৰিব লাগে বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে সদনৰ শূন্যকালত বিষয়টো উত্থাপন কৰি বিধায়ক হুদাই এই দুষ্কাৰ্যত লিপ্ত অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰাৰ বিষয়ে উল্লেখ কৰে।ইয়াকৈ লৈ আক্ষেপৰ সুৰত বিধায়কজনে কয়, “বাগসা জিলাৰ কালাপানী মছজিদত ধৰ্মীয় পুথি দাহ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই”। লক্ষ্যণীয় যে ইয়াৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ বিধায়কজনে কালাপানীৰ মছজিদৰ ঘটনাক সাম্প্ৰদায়িক ৰহণ সনাৰ অপচেষ্টা চলাই কয়, “এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ৰাজ্যত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে”। বিধায়কজনে এই মন্তব্য কৰাৰ লগে লগে তেওঁক বাধা দি সৰৱ হৈ উঠে শাসকীয় পক্ষৰ কে’বাজনো বিধায়ক। এই বিধায়কসকলে কয় যে হুদাই উত্থাপন কৰা অভিযোগ সত্য নহয়। ৰাজ্যত বিভিন্ন মন্দিৰ আৰু গিৰ্জাতো এনেধৰণৰ দুষ্কাৰ্য দুৰ্বৃত্তই প্ৰায়ে সংঘটিত কৰি আহিছে বুলি শাসক দলৰ কে’বাজনো বিধায়কে মন্তব্য কৰে। বিষয়টোক লৈ শাসক-বিৰোধীৰ মাজত উত্তপ্ত বাক-বিতণ্ডা চলে। ফলত বহু সময় ধৰি সদনত হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰে। অৱশেষত বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। অধ্যক্ষই সদনৰ সকলো সদস্যকে পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাই কয় যে মন্দিৰেই হওক বা মছজিদ কিম্বা গিৰ্জাই হওক ধৰ্মীয় স্থানত চুৰি বা ধৰ্মীয় স্থান অ-পবিত্ৰ কৰাটো কেতিয়াও শুভ লক্ষণ হ’ব নোৱাৰে। আনহাতে, বিতৰ্কটোত অংশ লৈ বিজেপি বিধায়ক পদ্ম হাজৰিকাই কয়, “মছজিদটোত যি দুষ্কাৰ্য সংঘটিত হ’ল তাকহে আমি গৰিহণা দিয়া প্ৰয়োজন। অপৰাধীৰ কোনো ধৰ্ম নাথাকে”। একেদৰে ঢেকিয়াজুলিৰ বিজেপি বিধায়ক অশোক সিংঘালে কয় যে এনেধৰণৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়া উচিত নহয়। আনহাতে, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে ৰাজ্যৰ সাতামপুৰুষীয়া সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখা উচিত। পাছত বিতৰ্কটোক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এনেধৰণৰ অপৰাধ চৰকাৰে কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিব। এনে অপৰাধত লিপ্তসকলৰ বিৰুদ্ধে লৌহ কঠিন ব্যৱস্থা লোৱা হ’ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাটোৱাৰীয়ে প্ৰতিশ্ৰতি দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না ভাইৰাছঃ ব্যৱসায়িক দিশত ভাৰতৰ ৩৪.৮কোটি টকাৰ ক্ষতি

ভিডিঅ প্ৰতক্ষ্য কৰক: Two severely injured in leopard attack in Moran, Hospitalized

Next Story
চাকৰি