ক’ৰ’না ভাইৰাছঃ ব্যৱসায়িক দিশত ভাৰতৰ ৩৪.৮কোটি টকাৰ ক্ষতি

ক’ৰ’না ভাইৰাছঃ ব্যৱসায়িক দিশত ভাৰতৰ ৩৪.৮কোটি টকাৰ ক্ষতি

ক’ৰ’না ভাইৰাছঃ ব্যৱসায়িক দিশত ভাৰতৰ ৩৪.৮কোটি টকাৰ ক্ষতি

প্ৰায় সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা ক’ৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাব আৰু আতংকৰ বাবে ব্যৱয়াস-বাণিজ্যৰ ক্ষেত্ৰত ভাৰতেও মূল্য ভৰিবলগা হৈছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীৰ আতংকৰ বাবে ভাৰতে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বিগত কিছুদিনত ৩৪.৮কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে।এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ ব্যৱসায় আৰু বাণিজ্যিক সংস্থা ইউ এন চি এ টি ডিয়ে।

https://twitter.com/UNCTAD/status/1235251234988339200

আনহাতে, চীনত ক’ৰ’নাভাইৰাছে মহামৰীৰ সৃষ্টি কৰাৰ ফলত বিশ্বৰ উত্পাদনী খণ্ডৰ উদ্যোগসমূহে প্ৰচুৰ লোকচানৰ সন্মুখীন হ’বলগা হৈছে বুলি এটা টুইটত ইউ এন চি এ টি ডিয়ে প্ৰকাশ কৰিছে। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে আৰু ফলত ভাৰতে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ৩৪.৮ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। উল্লেখ্য যে আজিলৈকে ভাৰতত কমেও ২৮জন লোক ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। এই তথ্য সদৰী কৰি বুধবাৰে এখন সংবাদ মেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয় যে এই আক্ৰান্তসকলৰ তিনিজন কেৰালাৰ আৰু তেওঁলোক সুস্থ হৈছে। তদুপৰি দিল্লীত এজন আৰু আগ্ৰাত তিনিজন লোক এই মহামাৰীত আক্ৰান্ত লোক আছে ।

ভাৰতত ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলৰ মাজত কে’বাজনো বিদেশী পৰ্যটক আছে। তদুপৰি ভাৰত ভ্ৰমণলৈ অহা ইটালীৰ ১৬জন পৰ্যটক এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। তেওঁলোকৰ মাজৰ এহাল দম্পতীৰ পুৰুষজনক ৰাজস্থানৰ জয়পুৰৰ এছ এম এছ হাস্পতালত চিকিত্সা প্ৰদান কৰি থকা হৈছে। এনে বাতৰিয়ে সমগ্ৰ দেশজুৰি আনহাতে, ভাৰতত ক’ৰ’নাভাইৰাছৰ আতংক অধিক বৃদ্ধি কৰিছে। ইতিমধ্যে এই ৰোগৰ অধিক সংক্ৰমণ ৰোধৰ স্বাৰ্থত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ লগতে বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহেও ব্যৱস্থা গ্ৰহণ কৰিছে। সম্প্ৰতি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি ক’ৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাবে চীন আৰু ভাৰতৰ উপৰি ইউৰোপৰ বিভিন্ন দেশ,আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আদিয়েও ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে, এই মহামাৰীত সমগ্ৰ বিশ্বত বৰ্তমানলৈকে কমেও তিনি হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ অধিকাংশই চীনৰ। চীনৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশে নিজৰ নিজৰ নাগৰিকক উদ্ধাৰ কৰি দেশলৈ উভতাই নিছে। বৰ্তমানলৈ ভাৰতে মুঠতে ছয় শতাধিক লোকক চীনৰ পৰা উদ্ধাৰ কৰিছে। ভাৰতীয় বায়ু সেনায়ো চীনৰ পৰা দেশা-বিদেশী শতাধিক লোকক উদ্ধাৰ কৰে। আনহাতে, পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাপান, ইৰাণ, দক্ষিণ কোৰিয়া আৰু ইটালীৰ পৰ্যটকৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Two severely injured in leopard attack in Moran, Hospitalized

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com