Begin typing your search above and press return to search.

অসম আন্দোলনৰ ছহিদৰ নিকটাত্মীয়লৈ চাকৰিঃ নিয়মাৱলী প্ৰস্ততি ৰাজ্য চৰকাৰৰ

অসম আন্দোলনৰ ছহিদৰ নিকটাত্মীয়লৈ চাকৰিঃ নিয়মাৱলী প্ৰস্ততি ৰাজ্য চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2020 7:25 AM GMT

অসম আন্দোলনৰ ছহিদৰ নিকটাত্মীয়লৈ চাকৰিঃ নিয়মাৱলী প্ৰস্ততি ৰাজ্য চৰকাৰৰ

ছবছৰীয়া অসম আন্দোলনৰ ছহিদসকলৰ সতি-সন্তান বা নিকটাত্মীয়ক চাকৰি প্ৰদানৰ যো-জা চলাইছে ৰাজ্য চৰকাৰে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ বুধবাৰে তৃতীয়দিনা এই তথ্য প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই অসম আন্দোলনৰ ছহিদসকলৰ সতি-সন্তানৰ বাবে চৰকাৰী চাকৰি নিশ্চিত কৰিবলৈ জনোৱা দাবীৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাটোৱাৰীয়ে কয়, “অগপৰ শাসনত অনুকম্পামূলক নিযুক্তি হিচাপে অসম আন্দোলনৰ পাঁচশ ছহিদৰ নিকটাত্মীয়ক চৰকাৰী চাকৰি দিয়া হ’ল। কিন্তু সেই সময়ত বহু ছহিদৰ সন্তানৰ বয়স কম আছিল অথবা বহুতৰে শিক্ষা-দীক্ষা কম আছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে অনুকম্পামূলক নিযুক্তি বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহু ছহিদৰ নিকটাত্মীয়ই চাকৰি লাভ কৰা নাই”। চৰকাৰী চাকৰি লাভ নকৰা ছহিদৰ আত্মীয় বা সতি-সন্তানক নিযুক্তি প্ৰদানৰ উদ্দেশ্য ৰাজ্য চৰকাৰে এক নতুন নিয়মাৱলী প্ৰস্তুত কৰি থকা বুলি মন্ত্ৰীজনে জনায়। মন্ত্ৰী পাটোৱাৰীয়ে কয় যে সম্প্ৰতি ৰাজ্য চৰকাৰৰ কৰ্মী প্ৰশাসন(খ) বিভাগে অসম আন্দোলনৰ ছহিদৰ সন্তান বা নিকটাত্মীয়ক চৰকাৰী চাকৰিত নিয়োগৰ উদ্দেশ্য এক নীতি-নিয়মাৱলীৰ খচৰা প্ৰস্তুত কৰি আছে।ইতিমধ্যে এই সম্পৰ্কত কৰ্মী প্ৰশাসন(খ)বিভাগে অসম চুক্তি ৰূপায়ন বিভাগৰ পৰামৰ্শ গ্ৰহণ কৰিছে।

সেই অনুসৰি অসম চুক্তি ৰূপায়ন বিভাগে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা বুলি সদনত পাটোৱাৰীয়ে সদৰী কৰে। তেওঁ কয় যে এই নতুন নীতি-নিয়মাৱলীৰ খচৰা প্ৰস্তুতৰ পাছত সেই খচৰা অনুমোদনৰ বাবে কেবিনেটত উত্থাপন কৰা হ’ব। কেবিনেটে অনুমোদন জনোৱাৰ পাছতে অসম আন্দোলনৰ যিসকল ছহিদৰ নিকটাত্মীয়ই চৰকাৰী চাকৰি লাভ কৰা নাই, সেইসকলৰ চাকৰি লাভৰ পথ মুকলি হ’ব বুলি মন্ত্ৰীজনে উল্লেখ কৰে। উল্লেখ্য যে ১৯৭৯ত আৰম্ভ হোৱা অসম আন্দোলনত মুঠ ৮৫৫গৰাকী ছহিদ হয়। এই ছহিদসকলৰ পৰিয়ালৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে এক আৰ্থিক সাহায্য আগবঢ়ায়। কিন্তু কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব(সংশোধনী)আইন গৃহীত কৰোৱাক লৈ অধিকাংশ ছহিদ পৰিয়াল অসন্তুষ্ট হৈ আছে। আনকি একাংশ ছহিদ পৰিয়ালে সোণোৱাল চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্য ঘূৰাই দিয়াৰো হুংকাৰ দিছে। একেদৰে নাগৰিকত্ব(সংশোধনী)আইনক লৈ অসম আন্দোলনৰ ছহিদ আৰু নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী সমিতিয়েও ক্ষোভ প্ৰকাশ কৰি আহিছে।এই আইন অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি অপমান বুলিও সমিতিয়ে অভিযোগ কৰি আহিছে।

অন্য খবৰৰ বাবে পঢ়ক : দিল্লী কাণ্ড তল পেলাবলৈ ক’ৰ’ণাভাইৰাছৰ আতংক বিয়পোৱা হৈছেঃ মমতা

ভিডিঅ প্ৰতক্ষ্য কৰক: Two severely injured in leopard attack in Moran, Hospitalized

Next Story
চাকৰি