দিল্লী কাণ্ড তল পেলাবলৈ ক’ৰ’ণাভাইৰাছৰ আতংক বিয়পোৱা হৈছেঃ মমতা

দিল্লী কাণ্ড তল পেলাবলৈ ক’ৰ’ণাভাইৰাছৰ আতংক বিয়পোৱা হৈছেঃ মমতা

দিল্লী কাণ্ড তল পেলাবলৈ ক’ৰ’ণাভাইৰাছৰ আতংক বিয়পোৱা হৈছেঃ মমতা

নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি দিল্লীত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৱলীক তল পেলাবলৈ দেশত ক’ৰ’ণাভাইৰাছৰ আতংক বিয়পোৱা হৈছে বুলি সৰৱ হৈ উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী। আগন্তক পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ কাৰ্যতঃ ৰণশিঙা বজাই মমতাই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ তথা বিজেপিক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।বুধবাৰে ৰাজ্যখনৰ দক্ষিণ দিনাজপুৰ জিলাৰ বুনিয়াদপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি মোদী চৰকাৰ আৰু বিজেপিৰ সমালোচনাত মুখৰ হৈ উঠে তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকী। দৰাচলতে ক’ৰ’ণাভাইৰাছৰ আতংক দিল্লী কাণ্ড তল পেলাবলৈ মোদী চৰকাৰে বিয়পোৱা বুলি অভিযোগ কৰি তেওঁ কয়, “ ক’ৰ’ণাভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগ যে ভয়ংকৰ ৰোগ সেয়া আমি মানি লওঁ। কিন্তু দিল্লী কাণ্ড তল পেলাবলৈ মোদী চৰকাৰে পৰিকল্পিতভাবে ইয়াৰ আতংক বিয়পাইছে”।উল্লেখ্য যে দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাত কমেও ৪২জন লোকে প্ৰাণ হেৰুৱায়। সদ্যসমাপ্ত দিল্লী বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ বাবে বিজেপিয়ে এই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰে বুলি বিভিন্ন পক্ষ সৰৱ হৈ আছে। এনে অৱস্থাতে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতাই প্ৰধানমন্ত্ৰী মোদী তথা বিজেপিক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। উল্লেখ্য যে অসম, কেৰালা আৰু তামিলনাডুৰ লগতে অহা বছৰ পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এইবাৰ বিজেপিয়ে মূলতঃ পশ্চিমবংগ দখলৰ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে।

এইবাৰ দলটোৱে নাগৰিকত্ব(সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)ক পশ্চিমবংগ দখলৰ বিশেষ অস্ত্ৰৰূপে লৈছে।ইয়াৰ বিপৰীতে মমতা তথা তৃণমূল কংগ্ৰেছে এন আৰ চি আৰু নাগৰিকত্ব(সংশোধনী) আইনৰ তীব্ৰ বিৰেধিতা কৰি আহিছে। মঙলবাৰে এখন ৰাজহুৱা সভাত ভাষণ দি মমতাই বাংলাদেশৰ পৰা অহা সকলো লোকেই ভাৰতীয় বুলি এক বিতৰ্কিত মন্তব্য কৰে। সভাখনত তেওঁ কয় যে বাংলাদেশৰ পৰা পশ্চিমবংগলৈ অহা যিসকল লোকে ভাৰতত ভোটদান কৰি আছে, তেওঁলোক সকলোৱেই ভাৰতীয়। এইসকলে নতুনকৈ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে। উল্লেখ্য যে অসমৰ দৰে পশ্চিমবংগও বাংলাদেশীৰে ভৰি পৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰি আহিছে।

মমতা তথা তৃণমূল কংগ্ৰেছে মুছলমান তুষ্টিকৰণৰ ৰাজনীতি কৰা বুলিও বিজেপিয়ে অভিযোগ কৰি আহিছে।পশ্চিমবংগক দ্বিতীয় দিল্লীত পৰিণত হ’বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দি তেওঁ কয়, “ বাংলাদেশৰ পৰা অহা সকলো লোকেই ভাৰতীয়।যিসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে, সেইসকলে পুনৰ নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই। আপোনালোক(ভাৰতলৈ অহা বাংলাদেশী)-এ নিৰ্বাচনত ভোটদান কৰিছে, প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিছে। কিন্তু এতিয়া তেওঁলোকে (বিজেপি) আপোনালোক ভাৰতীয় নাগৰিক নহয় বুলি কৈছে। আপোনালোকে ভাৰতীয় নাগৰিকত্ব পুনৰ প্ৰমাণৰ প্ৰয়োজন নাই”।

ভিডিঅ প্ৰতক্ষ্য কৰক: Two severely injured in leopard attack in Moran, Hospitalized

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com