Begin typing your search above and press return to search.

ভিছাৰ নীতি-নিয়ম উলংঘাঃ পোলেণ্ডৰ ছাত্ৰক ভাৰত ত্যাগৰ নিৰ্দেশ

ভিছাৰ নীতি-নিয়ম উলংঘাঃ পোলেণ্ডৰ ছাত্ৰক ভাৰত ত্যাগৰ নিৰ্দেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 11:59 AM GMT

ভিছাৰ নীতি-নিয়ম উলংঘাঃ পোলেণ্ডৰ ছাত্ৰক ভাৰত ত্যাগৰ নিৰ্দেশ

ভিছাৰ নীতি-নিয়ম উলংঘাৰ অভিযোগত পোলেণ্ডৰ এজন ছাত্ৰলৈ ভাৰত ত্যাগৰ নিৰ্দেশ জাৰি হৈছে। কামিল ছিয়েডচিনস্কি নামৰ এই ছাত্ৰজনে পশ্চিমবংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি আছে। শেহতীয়া নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদত অংশ লৈ বিদেশী ছাত্ৰজনে ভিছাৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত ভাৰত চৰকাৰে তেওঁৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি চৰ্চা হৈছে। অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ছিয়েডচিনস্কিলৈ ভাৰত ত্যাগৰ জাননী জাৰি কৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ ভিছাৰ নীতি-নিয়ম উলংঘা কৰা বুলি কোৱা হৈছে। আনহাতে, বিশ্ববিদ্যালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি পোলেণ্ডৰ এই ছাত্ৰজনে স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰাক-মূহুৰ্তত ভাৰত ত্যাগৰ জাননী পায়।তেওঁ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত বাংলা ভাষা অধ্যয়ন কৰিছিল। সেই সূত্ৰে তেওঁ প’লিচ ভাষাত ৰচিত বহু গ্ৰন্থ বাংলা ভাষালৈ অনুবাদ কৰিছে।উল্লেখ্য যে নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদত অংশ লোৱাৰ বাবে ভাৰত চৰকাৰে বৰ্তমানলৈ পাঁচজন বিদেশী নাগৰিকলৈ দেশত্যাগৰ জাননী জাৰি কৰিছে। মঙলবাৰে লোকসভাত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰাইয়ে।

এই পাঁচ বিদেশী নাগৰিকৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী বুলি নিশ্চিত কৰা হৈছে। তেওঁলোকৰে অন্যতম হৈছে জাৰ্মানীৰ এজন ছাত্ৰ। এই ছাত্ৰজনে আই আই টি মাদ্ৰাজত অধ্যয়ন কৰি আছিল। ইতিমধ্যে ভাৰত চৰকাৰে ছাত্ৰজনৰ ভিছা বাতিল কৰিছে।পাছত তেওঁ এই কথা সদৰী কৰি কয় যে জাৰ্মানীস্থিত ভাৰতীয় দূতাবাসে তেওঁৰ ভিছা নাকচ কৰাৰ বিষয়ে অৱগত কৰে। অৱশ্যে ভিছা নাকচৰ কাৰণ দূতাবাসে তেওঁক অৱগত কৰা নাই বুলি ছাত্ৰজনে সদৰী কৰে। ইতিমধ্যে তেওঁ আই আই টি মাদ্ৰাজত সফলতাৰে শিক্ষা সমাপ্ত কৰিছে।

আনহাতে, ভাৰত ত্যাগৰ জাননী লাভ কৰা এই পাঁচ বিদেশী নাগৰিকৰ অন্যতম হৈছে নৰৱেৰ এগৰাকী ছাত্ৰী। তেৱোঁ দেশৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছিল।উল্লেখ্য যে অসমৰ আৰু দিল্লীকে দেশৰ কেতবোৰ স্থানত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে যদিও কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ নিজ স্থিতিত অটল আছে। আনকি প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ বিজেপিৰ জ্যেষ্ঠ নেতৃবৰ্গই স্পষ্ট কৰি দিছে যে কোনো কাৰণতে এই বিতৰ্কিত আইন প্ৰত্যাহাৰ কৰা নহয়। আনহাতে, নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়ুক্ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তদুপৰি অসমৰ কেতবোৰ পক্ষৰ লগতে দেশৰ বিভিন্ন দল-সংগঠনে আইনখনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমত কোনো লোক ক’ৰ’ণাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই – স্বাস্থ্য মন্ত্ৰী শৰ্মা‌

ভিডিঅ প্ৰতক্ষ্য কৰক: State Child Protection Day observed in Guwahati’s Shilpgram

Next Story
চাকৰি