ক’ৰ’না মহামাৰীঃ দেশত মাথোঁ ২৪ ঘণ্টাত ২৯শলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ক’ৰ’না মহামাৰীঃ দেশত মাথোঁ ২৪ ঘণ্টাত ২৯শলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ক’ৰ’না মহামাৰীঃ দেশত মাথোঁ ২৪ ঘণ্টাত ২৯শলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

সাৱধান! সাৱধান হওক কিন্তু, আতংকিত নহ’ব। দেশত ভয়ংকৰভাবে বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা। মাথোঁ যোৱা ২৪ ঘণ্টাত দেশত ২৯শলৈ বৃদ্ধি পালে এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ৬০১ ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত কৰা হয়। তদুপৰি এই সময়ছোৱাত দেশৰ বিভিন্ন স্থানত ১২জন ক’ৰ’না মহামাৰী আক্ৰান্তৰ মৃত্যু হয়। এয়াই হৈছে দেশত একেদিনাই বৃহত্ সংখ্যক ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হোৱা তথা মৃত্যুমুখত পৰাৰ ঘটনা। এনেদৰে হঠাৎ দেশত ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কাৰণ দিল্লীৰ নিজামুদ্দিন দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতত দেশ-বিদেশৰ দুই সহস্ৰাধিক লোকে অংশ লৈ বিভিন্ন স্থানলৈ যাত্ৰা কৰাতো বুলি চৰকাৰে চিনাক্ত কৰিছে। অসমৰো চাৰি শতাধিক লোকে এই জামাতত অংশ লৈছিল। ইতিমধ্যে এইসকল অসমলৈ উভতি আহিছে। ইয়াৰে ২৪ জন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। গুৱাহাটীৰ‌ অভিজাত স্পেনিছ গাৰ্ডেনৰ এগৰাকী আৱাসীও এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য আহিছে।‌ উল্লেখ্য যে নিজামুদ্দিনৰ জামাতৰ দ্বাৰা সংক্ৰমিত নোহোৱা এইজন প্ৰথম অসমৰ ক’ৰ’না‌ পজিটিভ । জানিব পৰা মতে, য়োৱা ১ মাৰ্চত দিল্লীৰ পৰা উভতি আহিছিল লোকজন। আনকি হোলী পাৰ্টীটো অংশগ্ৰহণ কৰিছিল লোকজনে । প্ৰথম অৱস্থাত লোকজনৰ দেহত কোনো ধৰণৰ লক্ষণ দেখা দিয়া নাছিল ।‌ তেওঁ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল।

কিছুদিন পিছতহে লোকজনৰ দেহত দেখা‌ দিছিল ক’ৰ’না‌ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণে।‌ কিন্তু পিছত স্বাস্থ্যৰ অৱনতি ঘটাত লোকজন বিগত ১৪ দিনধৰি কোৱাৰেণ্টাইনত আছিল। লোকজন শ্বাস–প্ৰশ্বাসজনীত ৰোগত আক্ৰান্ত আছিল। প্ৰথমে হাপানী হৈছে বুলি সন্দেহ কৰা হৈছিল। শুকুৰবাৰে ক’ৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে, সম্পূৰ্ণৰূপে ছীল কৰা হৈছে স্পেনিছ গাৰ্ডেন ।

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com