Begin typing your search above and press return to search.

অসমত ২৫ জনলৈ বৃদ্ধি ক’ৰ’না পজিটিভৰ সংখ্যা, নিজামুদ্দিনলৈ যোৱা নাছিল স্পেনিছ গাৰ্ডেনৰ বাসিন্দা

অসমত ২৫ জনলৈ বৃদ্ধি ক’ৰ’না পজিটিভৰ সংখ্যা, নিজামুদ্দিনলৈ যোৱা নাছিল স্পেনিছ গাৰ্ডেনৰ বাসিন্দা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 April 2020 6:42 AM GMT

অসমত ২৫ জনলৈ বৃদ্ধি ক’ৰ’না পজিটিভৰ সংখ্যা, নিজামুদ্দিনলৈ যোৱা নাছিল স্পেনিছ গাৰ্ডেনৰ বাসিন্দা। সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।‌বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে বিয়পি পৰিছে এই ভাইৰাছ। অসমতো বৃদ্ধি হৈ‌ আছে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা। সম্প্ৰতি অসমত ২৫জনলৈ বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা। ‌কিছু সময় পূৰ্বে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰু এজন লোকৰ শৰীৰত এই মহামাৰীৰ ভাইৰাছ ধৰা পৰাৰ কথা ঘোষণা কৰে।যোৱা নিশালৈকে ৰাজ্যত এই মহামাৰীত ২৪জন লোক আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল। পাছত চিনাক্ত এই ব্যক্তি জন উত্তৰ লখিমপুৰৰ। আনহাতে, বৰ্তামানলৈ ৰাজ্যত চিনাক্ত এই ২৫জন ব্যক্তিৰ অন্ততঃ ২৩জনে নিজামুদ্দিনৰ মাৰকাজলৈ গৈছিল বুলি স্বাস্থ্যমন্ত্ৰী শৰ্মাই দাবী কৰে। বিগত ২৪ঘণ্টাত মুঠ ৯জন ৰোগী বাঢ়িল।

গুৱাহাটীৰ‌ অভিজাত স্পেনিছ গাৰ্ডেনৰ এগৰাকী আৱাসীও এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য আহিছে।‌ উল্লেখ্য যে নিজামুদ্দিনৰ জামাতৰ দ্বাৰা সংক্ৰমিত নোহোৱা এইজন প্ৰথম অসমৰ ক’ৰ’না‌ পজিটিভ ।

জানিব পৰা মতে, ১ মাৰ্চত দিল্লীৰ পৰা উভতি আহিছিল লোকজন। আনকি হোলী পাৰ্টীটো অংশগ্ৰহণ কৰিছিল লোকজনে । প্ৰথম অৱস্থাত লোকজনৰ দেহত কোনো ধৰণৰ লক্ষণ দেখা দিয়া নাছিল ।‌ তেওঁ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল।

কিছুদিন পিছতহে লোকজনৰ দেহত দেখা‌ দিছিল ক’ৰ’না‌ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণে।‌ কিন্তু পিছত স্বাস্থ্যৰ অৱনতি ঘটাত লোকজন বিগত ১৪ দিনধৰি কোৱাৰেণ্টাইনত আছিল। লোকজন শ্বাস–প্ৰশ্বাসজনীত ৰোগত আক্ৰান্ত আছিল। প্ৰথমে হাপানী হৈছে বুলি সন্দেহ কৰা হৈছিল। শুকুৰবাৰে ক’ৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে, সম্পূৰ্ণৰূপে ছীল কৰা হৈছে স্পেনিছ গাৰ্ডেন ।

অন্য খবৰৰ বাবে পঢ়ক : জি এম চি এইচত নতুন ৫৪ টা আই চি ইউ আৰম্ভ কৰিলে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি