Begin typing your search above and press return to search.

 জি এম চি এইচত নতুন ৫৪ টা আই চি ইউ আৰম্ভ কৰিলে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

 জি এম চি এইচত নতুন ৫৪ টা আই চি ইউ আৰম্ভ কৰিলে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2020 10:06 AM GMT

জি এম চি এইচত নতুন ৫৪ টা আই চি ইউ আৰম্ভ কৰিলে স্বাস্থ্য মন্ত্ৰী শৰ্মাই।

“ জনতাৰ সহযোগত ৰাজ্যৰ প্ৰশাসনে দিল্লীৰ নিজামুদ্দিন মাৰকাজৰ পৰা উভতি অহা ৫০৩ জন লোকৰ ৪৮৮ জন‌ লোকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছে। নিজামুদ্দিনৰ পৰা উভতা লোক সকলৰ মাজৰ মাথোঁ ১৫ জনকহে বাচি উলিয়াবলৈ বাকী আছে। এই ৪৮৮ জন‌ৰ মাজৰ ৩৬১ জনৰ নমুনা পৰীক্ষাৰ বাবে পঠোৱা হৈছে। নিজামুদ্দিনৰ পৰা অহা ৩৯৫ জন লোকক আছুতীয়াকৈ ৰখা হৈছে”।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত ৫৪ টা নতুন আই চি ইউ আৰু বহু আধুনিক চিকিৎসা ব্যৱস্থা মুকলি কৰে।‌ সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে যে বৰ্তমান‌ে জি এম চি এইচত ভেন্টিলেশ্বনৰ সৈতে ১৬২ টা জৰুৰীকালীন কক্ষ(আই চি ইউ) আছে। তদুপৰি অহা ১৫এপ্ৰিলৰ ভিতৰত আন ৫০ টা আই চি ইউৰ কাম সম্পূৰ্ণ হ'ব বুলি তেওঁ সদৰী কৰে । ইয়াৰ লগে লগে মেডিকেল কলেজ আৰু হাস্পতালখনত আই চি ইউৰ সংখ্যা ২১২ টালৈ বৃদ্ধি পাব ।

আনহাতে, যোৱা মাহত নিজামুদ্দিন মৰকজত অনুষ্ঠিত জামাতত অংশ লৈ উভতি অহা লোকসকল সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়," প্ৰথমতে কেন্দ্ৰীয় চৰকাৰে আমাক ৪৫৬ জন‌ লোকৰ তালিকা দিছে। ইয়াৰ পিছত আকৌ ২৭৩ জন লোকৰ তালিকা দিয়ে । প্ৰায় ২২৬ জন লোক নিজামুদ্দিনৰ জামাতৰ লৈতে পোনপটীয়া সম্পৰ্কত নাছিল । আমি প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত তেওঁলোকক মুকলি কৰি দিছোঁ। আমি স্থানীয় লোকৰ সহযোগত ৪৮৮ জনৰ লগত শুংসূত্ৰ উলিয়াবলৈ সক্ষম হৈছো , যিসকলে হেল্পলাইন নম্বৰৰ সহায়ত প্ৰশাসনক খবৰ দিছিল । সঁচাকৈয়ে ই এক শুভ সংকেত । আমি মুম্বাই আৰু দিল্লীৰ পৰা অসমৰ লোক থকাৰ তথ্য পাইছো, এইসকলৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে । চৰকাৰীভাৱে তথ্য নোপোৱাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত জনাব বিচৰা নাই "।

মন্ত্ৰীগৰাকীয়ে জি এম চি এইচৰ পৰিসৰৰ ভিতৰত ২৭৬ কোটি টকাৰ ছুপাৰ স্পেচিয়েলিষ্ট হাস্পতাল নিৰ্মাণৰ কামো আৰম্ভ কৰে, য’ত দুখনকৈ নতুন চিকিৎসালয় নিৰ্মাণ হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক : ১৪ এপ্ৰিলৰ পাছত সীমিত হ’ব তলাবন্ধঃ প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি