ক’ৰ’না ভাইৰাছঃ সজাগতা সৃষ্টিত গুৰুত্ব আৰোপেৰে প্ৰতিৰোধৰ প্ৰস্তুতি পৰিবহণ বিভাগৰ

ক’ৰ’না ভাইৰাছঃ সজাগতা সৃষ্টিত গুৰুত্ব আৰোপেৰে প্ৰতিৰোধৰ প্ৰস্তুতি পৰিবহণ বিভাগৰ

ক্ৰমে ৰাজ্যতো আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য জন সজাগতা সৃষ্টিত গুৰুত্ব আৰোপেৰে সাজু হৈ উঠিছে ৰাজ্যৰ পৰিবহণ বিভাগ। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বিভাগীয় ব্যৱস্থাৰ শুকুৰবাৰে পুনৰীক্ষণ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই উদ্দেশ্য জনতা ভৱনত আয়োজিত এখন বৈঠকত অংশ লৈ মন্ত্ৰী পাটোৱাৰীয়ে বাছ আস্থানসমূহ, বিমানবন্দৰসমূহ, ফেৰীসমূহত সজাগতা সৃষ্টিৰ পোষকতা কৰে। বৈঠকত মন্ত্ৰীজনে কয় যে পৰিবহণ নিগমৰ মাণ্ডলিক অধীক্ষকসকলে সংশ্লিষ্ট জিলাৰ বাছ আস্থানসমূহত আৰু আভ্যন্তৰীণ জল পৰিবহণৰ অভিযন্তাসকলে নিজৰ অধীনৰ ফেৰীসমূহত সজাগতা সৃষ্টি কৰিবই লাগিব।লগতে তেওঁ প্ৰতিটো যাত্ৰাৰ অন্তত নিগমৰ কৰ্মচাৰীসকলক বাছসমূহ পৰিষ্কাৰকৈ ধুবলৈ নিৰ্দেশ জাৰি কৰে। তেওঁ লগতে কয় যে পৰিবহণ নিগমৰ অধীনৰ প্ৰতিখন বাছতে চালক-হেণ্ডিমেন আৰু যাত্ৰীসকলৰ বাবে সুকীয়া হস্ত প্ৰক্ষালক থাকিব।

স্বাস্থ্য বিভাগৰ বিষযা আৰু পৰিবহণ নিগমৰ মাণ্ডলিক অধীক্ষকসকল উপস্থিত থকা বৈঠকখনত পাটোৱাৰীয়ে ওলা আৰু উবাৰ সংস্থালৈ চালকসকলক ক’ৰ’না ভাইৰাছ সম্পৰ্কে সজাগ কৰি তুলিবলৈ নিৰ্দেশ জাৰি কৰে। মন্ত্ৰীজনে কয় যে হাঁচি-কাহ আদিৰ জৰিয়তে এজন ৰোগীৰ পৰা আন এজনলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হয়। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাৱধানতামূলক পদক্ষেপৰ অংশৰূপে অহা ৩১ মাৰ্চলৈ কোনো ৰাজহুৱা সভাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।মু্খ্যমন্ত্ৰীয়ে কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ একমাত্ৰ উপায় হ’ল সজাগ হৈ থকা। ইপিনে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণ স্থগিত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে।স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ে চৰকাৰী বিদ্যালয়সমূহলৈ শিক্ষামূলক ভ্ৰমণৰ লগতে ছাত্ৰ-ছাত্ৰীক জড়িত কৰা তেনে ধৰণৰ সকলো কাৰ্যসূচী স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। শীঘ্ৰে এনে ব্যৱস্থা বেচৰকাৰী বিদ্যালয়সমূহৰো ক্ষেত্ৰটো গ্ৰহণ কৰা হ’ব বুলি এক চৰকাৰী সূত্ৰই জনায়।

স্বাস্থ্য বিভাগৰ আয়ুক্ত তথা ৰাজ্যৰ ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ নডেল বিষয়া অনুৰাগ আগৰৱালাই বৃহস্পতিবাৰে অসমৰে বাহিৰতে হওক বা ভিতৰতে হওক ছাত্ৰ-ছাত্ৰীসকলৰ সকলো শিক্ষামূলক ভ্ৰমণ স্থগিত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালকলৈ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনাৰ ভিত্তিত শিক্ষা বিভাগে বিদ্যালয়সমূহৰ শিক্ষামূলক ভ্ৰমণ আৰু তেনে ধৰণৰ কাৰ্যসূচী স্থগিত ৰখাৰ ব্যৱস্থা কৰিছে। অৱশ্যে অসমত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কোনো লোক ধৰা পৰা নাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com