ক’ৰ’না ভাইৰাছৰ আতংকঃ স্কুলসমূহক শিক্ষামূলক ভ্ৰমণ স্থগিত ৰখাৰ নিৰ্দেশ অসম চৰকাৰৰ

ক’ৰ’না ভাইৰাছৰ আতংকঃ স্কুলসমূহক শিক্ষামূলক ভ্ৰমণ স্থগিত ৰখাৰ নিৰ্দেশ অসম চৰকাৰৰ

প্ৰায় সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব ৰাজ্যত প্ৰতিহত কৰাৰ উদ্দেশ্য অসম চৰকাৰে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণ স্থগিত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে।স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ে চৰকাৰী বিদ্যালয়সমূহলৈ শিক্ষামূলক ভ্ৰমণৰ লগতে ছাত্ৰ-ছাত্ৰীক জড়িত কৰা তেনে ধৰণৰ সকলো কাৰ্যসূচী স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। শীঘ্ৰে এনে ব্যৱস্থা বেচৰকাৰী বিদ্যালয়সমূহৰো ক্ষেত্ৰটো গ্ৰহণ কৰা হ’ব বুলি এক চৰকাৰী সূত্ৰই জনায়।

স্বাস্থ্য বিভাগৰ আয়ুক্ত তথা ৰাজ্যৰ ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ নডেল বিষয়া অনুৰাগ আগৰৱালাই বৃহস্পতিবাৰে অসমৰে বাহিৰতে হওক বা ভিতৰতে হওক ছাত্ৰ-ছাত্ৰীসকলৰ সকলো শিক্ষামূলক ভ্ৰমণ স্থগিত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালকলৈ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনাৰ ভিত্তিত শিক্ষা বিভাগে বিদ্যালয়সমূহৰ শিক্ষামূলক ভ্ৰমণ আৰু তেনে ধৰণৰ কাৰ্যসূচী স্থগিত ৰখাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে মণিপুৰ, দিল্লী আৰু মহাৰাষ্ট্ৰ চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰে। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ গাতে লাগি থকা মণিপুৰে অহা ৩১ মাৰ্চলৈকে সকলো স্কুল বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পূৰ্বে ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ উদ্দেশ্য অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে দিল্লী চৰকাৰে। বৃহস্পতিবাৰে দিল্লী চৰকাৰে দেশৰ ৰাজধানী মহানগৰখনৰ সকলো স্কুল আৰু চিত্ৰগৃহ অহা ৩১মাৰ্চলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। মণিপুৰ চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত টি ৰঞ্জিত সিঙে জাৰি কৰা এক নিৰ্দেশনাৰ জড়িয়তে অহা ৩১ মাৰ্চলৈকে ৰাজ্যখনৰ চৰকাৰী-বেচৰকাৰী সকলো স্কুল বন্ধ ৰাখিবলৈ কোৱা হৈছে।

অৱশ্যে শিক্ষা আয়ুক্তৰ নিৰ্দেশনাটোত স্কুলৰ পৰীক্ষাসমূহ ইতিমধ্যে প্ৰস্তুত কৰা সূচী অনুসৰি চলি থাকিব বুলি উল্লেখ আছে। ইপিনে, দেশত ক’ৰ’না ভাইৰাছত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। এই দুৰ্ভগীয়াদ্বয়ৰ প্ৰথমজন হ’ল কৰ্ণাটকৰ। চৰকাৰী তথ্য অনুসৰি ৭৬ বছৰীয়া এই লোকজনেই হ’ল ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগত মৃ্ত্যু হোৱা প্ৰথমজন ভাৰতীয় লোক। ১১দিন পূৰ্বে তেওঁ ছৌদি আৰৱ ভ্ৰমণ সামৰি স্ব-গৃহত উপস্থিত হৈছিল। তাৰ পাছতে তেওঁ অসুস্থ হৈ পৰে। দ্বিতীয়গৰাকী দুৰ্ভগীয়া হ’ল দিল্লীৰ এগৰাকী ৬৮ বছৰীয়া মহিলা। মহিলাগৰাকীৰ পুত্ৰই যোৱা মাহত ছুইজাৰলেণ্ড আৰু ইটালী ভ্ৰমণ কৰিছিল। পুত্ৰৰ পৰাই মহিলাগৰাকীৰ দেহলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হয়। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰলৈকে দেশত ৮৩ জন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com