Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ আতংকঃভাৰতৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

ক’ৰ’না ভাইৰাছৰ আতংকঃভাৰতৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2020 1:39 PM GMT

ক’ৰ’না ভাইৰাছৰ আতংকঃভাৰতৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু

ভাৰততো ক্ৰমে ক’ৰ’না ভাইৰাছে জটিল ৰূপ ধাৰণ কৰিছে। ভাৰতত প্ৰথমবাৰলৈ এজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু হৈছে। এই লোকজন হ’ল কৰ্ণাটকৰ।৭৬ বছৰীয়া এই লোকজনেই হ’ল ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগত মৃ্ত্যু হোৱা প্ৰথমজন ভাৰতীয় লোক। ১১দিন পূৰ্বে তেওঁ ছৌদি আৰৱ ভ্ৰমণ সামৰি স্ব-গৃহত উপস্থিত হৈছিল। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি শুকুৰবাৰলৈকে দেশত ৮৩ জন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। আনহাতে, দিল্লী চৰকাৰে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী মহানগৰখনৰ সকলো স্কুল আৰু চিত্ৰগৃহ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি অহা ৩১মাৰ্চলৈকে দিল্লীৰ সকলো স্কুল আৰু চিত্ৰগৃহ বন্ধ থাকিব। একেদৰে মণিপুৰেও এনে ব্যৱস্থা গ্ৰহণ কৰিছে।ইপিনে, ক’ৰ’না ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটা ইটালীৰ মিলানত আৱদ্ধ হৈ পৰিছে বহুকেইজন ভাৰতীয় লোক ৷ লোককেইজনক উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়াই বিশেষ বিমান প্ৰেৰণৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে। আনহাতে, ক’ৰ’না ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ এছিয়া মাণ্ডলিক সহযোগিতা সংস্থা (ছাৰ্ক)ৰ দেশসমূহক একেলগে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। আনহাতে, মহাৰাষ্ট্ৰ চৰকাৰে সাৱধানতামূলক পদক্ষেপ হিচাপে ৰাজ্যখনৰ সকলো মল, চিত্ৰগৃহ, জিম বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না ভাইৰাছৰ আতংকঃ দিল্লীৰ পাছত মণিপুৰতো স্কুল বন্ধ ৰখাৰ নিৰ্দেশ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fire breaks out at business establishment near Powai Tea Estate under Margherita Sub-Division

Next Story
চাকৰি