Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবঃ ৩০ জুনলৈকে ছেনিটাইজাৰৰ মূল্য এশ টকা কৰি ৰখাৰ নিৰ্দেশ

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবঃ ৩০ জুনলৈকে ছেনিটাইজাৰৰ মূল্য এশ টকা কৰি ৰখাৰ নিৰ্দেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2020 11:16 AM GMT

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে অহা ৩০জুনলৈকে কেঁচা এলকহল আৰু হেণ্ড ছেনিটাইজাৰৰ মূল্য অপৰিৱৰ্তিত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। এক চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে দুশ মিলিলিটাৰ পৰিমাণৰ একোটা ছেনিটাইজাৰ বটলৰ দাম খুচুৰা বজাৰত এশ টকাতকৈ অধিক হ’ব নোৱাৰিব। একেদৰে হিন্দুস্তান ইউনিলিভাৰে লাইফবুয় আৰু ডমেক্স ব্ৰেণ্ডৰ কেঁচা এলকহল মূল্য হ্ৰাস কৰিছে। এই সম্পৰ্কত কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা মন্ত্ৰী ৰাম বিলাস পাছোৱানে টুইটাৰত কয় যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি যোৱা পাঁচ মাৰ্চলৈকে উত্পাদন কৰা কেঁচা এলকহলৰ দাম অহা ৩০ জুনলৈকে স্থিৰ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।এই ব্যৱস্থাই হেণ্ড ছেনিটাইজাৰ আৰু কেঁচা এলকহলৰ মূল্য নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব। মন্ত্ৰীজনে লগতে কয় যে অহা ৩০ জুনলৈকে দুশ মিলিলিটাৰ পৰিমাণৰ একোটা ছেনিটাইজাৰ বটলৰ দাম খুচুৰা বজাৰত এশ টকাতকৈ অধিক হ’ব নোৱাৰিব। সমগ্ৰ দেশত এই দামতে ছেনিটাইজাৰ উপলব্ধ হ’ব। আনহাতে, ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ভাৰতত নিতৌ বৃদ্ধি পাইছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে ৰাজধানী মহানগৰীত আগন্তক ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰিছে ৷ মাৰাত্মক ক’ৰ’না ভাইৰাছ প্ৰাদুৰ্ভাবৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ২৫খন বিহু সমিতিৰ বিষয়ববীয়াই এক আলোচনাৰ মাধ্যমৰে গ্ৰহণ কৰিছে ৷ এই কথা সদৰী কৰি গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববীয়া সনাতন দাসে জনোৱা মতে,

অসমৰ সকলো বিহু সমিতিলৈ বিহুৰ সাংস্কৃতিক কাৰ্য্সূচী বাতিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷

অবশ্যে বতৰ তথা পৰিস্থিতি অনুকুল থাকিলে ১৩ এপ্ৰিলত গৰু বিহুৰ দিনা বিহু সমিতিসমূহে কেবল মা্ঙ্গলিক কাৰ্য্সূচী হিচাপে পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰিব।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰোনা ভাইৰাছ: পুনৰ অনিশ্চয়তাত এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি