Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2019 8:00 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ । বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও অব্যাহত আছে ।‌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বহু দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এফালে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে দৃঢ় সংকল্প বদ্ধ হয় আন ফালে এই বিধেয়কৰ বিৰোধিতা কৰি অধিক সংখ্যক লোক ওলাই অহা দেখা যায়। তাৰ মাজতে বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এই ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসম ধ্বংস কৰাৰ চক্ৰান্ত কৰিছে বুলি মন্তব্য কৰে। আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰাই অসম বিৰোধী কাৰ্যকালাপ কৰাৰ দূৰৈত থকাৰ বাবে চৰকাৰক সকীয়নী দিয়ে ।

উল্লেখযোগ্য যে বুধবাৰে হোৱা প্ৰতিবাদী কাৰ্যসূচীত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন , বিশিষ্ট অধিবক্তা নেকিবুৰ জামান লগতে প্ৰনৱ চেতিয়া , উদয়ন গগৈ , সুমিত্ৰা হাজৰিকাৰ সহিত আন বহু লোক উপস্থিত থাকে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও এই বিধায়কৰ বিৰোধিতা কৰে আৰু কটন বিশ্ববিদ্যালয়ৰ সন্মুখত মানৱ শৃংখল গঢ়ি তোলে । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক পংকজ কলিতাই কয় যে "যেতিয়ালৈকে আমাৰ দেহত তেজ থাকে তেতিয়ালৈকে এই বিধায়কৰ বিৰুদ্ধে যুঁজিম "। এই বিধায়ক কোনো কাৰণতে গৃহীত হ'ব দিয়া নহব বুলি কয় পংকজ কলিতাই । লগতে কয় যে তেওঁলোকে কেতিয়াও বাংলাদেশী অসমত প্ৰৱেশ কৰিব নিদিয়ে আৰু যদিহে সংসদত বিধায়ক খন গৃহীত হয় তেন্তে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ইয়াৰ বিৰোধিতা কৰি ওলাই আহিব ।

অন্য খবৰৰ বাবে পঢ়ক: মহানগৰীত উদযাপন বিশ্ব স্মৃতি দিৱস,মহানগৰীত সমদলৰ লগতে সজাগতা সভা

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি