Begin typing your search above and press return to search.

কটন বিশ্ববিদ্যালয়ত অধিক শিক্ষাৰ্থীয়ে বুৰঞ্জী মুখ্য বিষয় হিচাপে লবলৈ আগ্ৰহ প্ৰকাশ কৰিছে

কটন বিশ্ববিদ্যালয়ত অধিক শিক্ষাৰ্থীয়ে বুৰঞ্জী মুখ্য বিষয় হিচাপে লবলৈ আগ্ৰহ প্ৰকাশ কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2019 7:30 AM GMT

কটন বিশ্ববিদ্যালয়ত অধিক শিক্ষাৰ্থীয়ে বুৰঞ্জী মুখ্য বিষয় হিচাপে লবলৈ আৰম্ভ আগ্ৰহ প্ৰকাশ কৰিছে | পুৰ্বৰ কটন কলেজ তথা বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ত চলিত বৰ্ষত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে "বুৰঞ্জী " মুখ্য বিষয় হিচাপে লবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ এক তথ্য প্ৰকাশ হৈছে । স্নাতক আৰু স্নাতকোত্তৰত ছাত্ৰ ছাত্ৰী সকলে অধিক সংখ্যকে বুৰঞ্জীক মেজৰ বিষয় হিচাপে লবলৈ আবেদন কৰিছে।

কটন বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰীত মুখ্য বিষয় হিচাপে বুৰঞ্জী বিষয়াটোত প্ৰকাশিত দ্বিতীয়খন কাট-অফ ৰ তালিকাৰ শীৰ্ষ শতাংশ হৈছে ৯৬ । আনহাতে ৰাজনীতি বিভাগৰ কাট-অফৰ তালিকাৰ শীৰ্ষ শতাংশ ৯৬.৩৩ । ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ নাম ভৰ্তি প্ৰক্ৰিয়া দেওবাৰ অৰ্থাৎ ১৬ জুনত সমাপ্ত হয়।

" কটন বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰীত বুৰঞ্জীত কাট-অফ নম্বৰ সৰ্বাধিক হোৱাটো এক গুৰুত্বপূৰ্ণ বিষয় । শেহতীয়াকৈ কেইবাটাও বছৰত বুৰঞ্জী প্ৰায় মৃতপ্ৰায় বিষয় হিচাপে পৰিগণিত হৈছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীত ভাল নম্বৰ লাভ কৰে, তেওঁলোকে সাধাৰণতে অসামৰিক সেৱাৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাত অধিক আগ্ৰহী হোৱা পৰিলক্ষিত হয় । বুৰঞ্জী বিষয়টো অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ " বুলি প্ৰকাশ কৰে কটন বিশ্ববিদ্যালয়ৰ এজন জেষ্ঠ প্ৰবক্তায়ে ।

লগতে তেওঁ কয় যে, ইউ পি এচ চিত অসমৰ সন্তানে ভাল ফলাফল লাভ কৰাৰ পাছত যুব প্ৰজন্ম অসামৰিক সেৱাৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ।শেষৰ বছৰত কটন বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু ইংৰাজী বিষয়ত কাট-অফ নম্বৰ সৰ্বাধিক আছিল ।

" অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে যুব প্ৰজন্ময়ে অসমৰ লগতে ভাৰতৰ সামাজিক- ৰাজনৈতিক-অৰ্থনৈতিক পটভুমিত অধ্যয়ন প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতে কটন বিশ্ববিদ্যালয়ত বুৰঞ্জীক মুখ্য বিষয় হিচাপে লোৱাত আগ্ৰহ প্ৰকাশ কৰিছে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বুলিয়ে কটন বিশ্ববিদ্যালয়ৰ আন এজন প্ৰবক্তায়ে প্ৰকাশ কৰিছে ।

আনহাতে বৃহস্পতি বাৰৰ পৰা আৰম্ভ হোৱা নাম ভৰ্তি প্ৰক্ৰিয়াত স্নাতক ডিগ্ৰীত ৪৭০ খন আসনৰ বাবে নাম ভৰ্তি কৰা হয় ।

স্নাতক ডিগ্ৰীৰ কলা, বিজ্ঞান আৰু বানিজ্যি শাখাত প্ৰায় ৪,৮০০ ছাত্ৰ-ছাত্ৰীয়ে মানপত্ৰ জমা দিছিল । ১৯০০ খন আবেদন কটন বিশ্ববিদ্যালয়ে লাভ কৰে বাকী থকা আসনৰ বাবে ।

উল্লেখযোগ্য যে পূৰ্বৰ কেইটামান বছৰৰ লগতে এই বছৰতো কটন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূৰ্বৰ দৰে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই । কটন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ যি গৰিমা আছে সেয়া হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক: শতবৰ্ষ গৰকা কটন বিশ্ববিদ্যালয়ত ইউনিফৰ্ম সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিক্ৰিয়া

Next Story
চাকৰি