Begin typing your search above and press return to search.

উদ্ভণ্ডালিঃ মধ্য প্ৰদেশত স্বাস্থ্যকৰ্মীক আক্ৰমণ সন্দেহযুক্ত ক’ৱিড আক্ৰান্তৰ

উদ্ভণ্ডালিঃ মধ্য প্ৰদেশত স্বাস্থ্যকৰ্মীক আক্ৰমণ সন্দেহযুক্ত ক’ৱিড আক্ৰান্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 April 2020 7:56 AM GMT

উদ্ভণ্ডালিঃ মধ্য প্ৰদেশত স্বাস্থ্যকৰ্মীক আক্ৰমণ সন্দেহযুক্ত ক’ৱিড আক্ৰান্তৰ

মহামাৰীৰ পৰা প্ৰাণৰক্ষা কৰিবলৈ যোৱা স্বাস্থ্যকৰ্মীৰ দল এইবাৰ সন্দেহযুক্ত ক’ৱিড-১৯ আক্ৰান্তৰ আক্ৰমণৰ সন্মুখীন হ’ল মধ্য প্ৰদেশত। অসমতো এনে একাধিক ঘটনা ইতিমধ্যে সংঘটিত হৈছে। শেহতীয়া তথ্য অনুসৰি বুধবাৰে স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ এটা দলক সাংবাদিকৰ কেমেৰাৰ সন্মুখতে একাংশ উত্তেজিত লোকে আক্ৰমণ কৰে। কালি স্বাস্থ্যকৰ্মীৰ দলটোৱে ইন্দোৰৰ তাত পট্টী বাখাল অঞ্চললৈ যায়। এই অঞ্চলত ইতিমধ্যে দুজন ক’ৱিড পৰিটিভ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকৰ প্ৰচণ্ড বাধাক নেওচিও অঞ্চলটোৰ অৰ্ধ-শতাধিক পৰিয়ালক আছুতীয়াকৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। কালি সতৰ্কতামূলক পদক্ষেপৰ অংশৰূপে নিজৰ জীৱনলৈও কুণ্ঠাবোধ নকৰি কালি স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ এটা দল অঞ্চলটোলৈ যায়। কিন্তু আশ্বৰ্যজনক যে স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ দলটো শতাধিক উত্তেজিত লোকৰ আক্ৰমণৰ সন্মুখীন হয়। মধ্য প্ৰদেশত এই মহামাৰীত আক্ৰান্তসকলৰ ৭৬ শতাংশই হৈছে ইন্দোৰৰ। ইপিনে, দেশত ক’ৱিড-১৯ আক্ৰান্তৰ সংখ্যা নিতৌ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। বৰ্তমানলৈ এই মহামাৰীত কমেও ৩৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশজুৰি তীব্ৰ ত্ৰাসৰ সৃষ্টি হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : চৌদিশে তীব্ৰ আতংকঃ অসমত ১৬জনলৈ বৃদ্ধি ক’ৱিড-১৯ আক্ৰান্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি