Begin typing your search above and press return to search.

আশাৰ বতৰা ! ভাৰতত সুস্থ হ’ল ক’ৰ’না মহামাৰীত আক্ৰান্ত ৪২জন লোক

আশাৰ বতৰা ! ভাৰতত সুস্থ হ’ল ক’ৰ’না মহামাৰীত আক্ৰান্ত ৪২জন লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2020 7:47 AM GMT

আশাৰ বতৰা ! ভাৰতত সুস্থ হ’ল ক’ৰ’না মহামাৰীত আক্ৰান্ত ৪২জন লোক

ক’ৰ’না মহামাৰীয়ে সৰ্বত্ৰে আতংক সৃষ্টি কৰাৰ সময়তে এক আশাৰ বতৰা আহিছে। এই মহামৰাীত আক্ৰান্ত দেশৰ ছয় শতাধিক লোকৰ মাজৰ ৪২জন সুস্থ হৈ উঠিছে। দেশৰ বিভিন্ন স্থানৰ এই লোকসকল হাস্পতালত ভৰ্তি হৈছিল। কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁলোক আৰোগ্য হয়। সেইমৰ্মে তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। অৱশ্যে ভাৰতত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়ে আছে।

বুধবাৰলৈকে এই মহামাৰীত সমগ্ৰ দেশত ছয় শতাধিক লোক আক্ৰান্ত হয়।তদুপৰি ১১ জন লোক মৃত্যুমুখত পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ২১-দিনীয়া দেশজোৰা তলাবন্ধৰ সকলো নীতি-নিয়ম আখৰে আখৰে পালন কৰিবলৈ দেশবাসীলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। আইন উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব বুলি চৰকাৰে সকীয়াই দিছে। বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত এনে কঠোৰ হুংকাৰ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো। সংবাদমেলত আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে তলাবন্ধৰ নীতি-নিয়ম উলংগা কৰি ৰাজপথত গা-ঘেলাই ফুৰা লোকক জামিনবিহীনভাবে এবছৰ কাৰাগাৰত বন্দী কৰি ৰখা হ’ব।

ইপিনে, এই তলাবন্ধৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰো ব্যৱস্থা কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে সমগ্ৰ দেশৰ দৰিদ্ৰ আৰু নিম্ন বিত্ত ৮০কোটি লোকলৈ তিনি টকা দৰত চাউল যোগানত অনুমতি প্ৰদান কৰে। ইপিনে, এই ২১দিনীয়া তলাবন্ধৰ ফলত দেশে বিস্তৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে। উল্লেখ্য য়ে যোৱা মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-দিনীয়া ৰাষ্ট্ৰজোৰা তলাবন্ধ ঘোষণা কৰি কয় যে এই তলাবন্ধৰ ফলত দেশে বিস্তৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব ৷ তাৰ পাছতে একে আশংকাই ব্যক্ত কৰে ব্ৰিটিছ বিত্ত বিশ্লেষক সংস্থা বাৰ্কলেইজো ৷ সংস্থাটোৱে স্পষ্টভাৱে কৈছে যে ক’ৱিড-১৯মহামাৰীৰ প্ৰভাৱত ভাৰত অৱৰ্ণনীয় আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব ৷ ইয়াৰ পৰিমাণ দেশৰ মুঠ ঘৰুৱা উৎপাদন(জি ডি পি)ৰ চাৰি শতাংশ বা ৯ লক্ষ কোটি টকা হ’ব ৷

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বেই দেশ অৰ্থনৈতিক সংকটৰ গৰাহত পৰে ৷ ফলস্বৰুপে আগন্তুক দিনত দেশ ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷ ইতিমধ্যে ব্যৱসায়-বাণিজ্য একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৷ ইপিনে, মহামাৰীৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এক আঠদফীয়া আৰ্থিক সকাহ ঘোষণা কৰে ৷ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়াব পাৰিব ধন।

কেন্দ্ৰীয় চৰকাৰে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ‌ উদ্দেশ্য বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি বহু নীতি-নিৰ্দেশনাও জাৰি কৰিছে। ভয়ংকৰ ৰূপ ধাৰণ কৰা এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনতাক সকাহ দিবলৈ চৰকাৰে লৈছে আন এক সিদ্ধান্ত।‌ এই সিদ্ধান্ত অনুসৰি আগন্তুক তিনি মাহলৈ যি কোনো এ টি এমৰ পৰা টকা উলিয়ালে বৰ্তমানৰ লেখীয়াকৈ কোনো মাচুল আদায় দিব নালাগে।‌ তদুপৰি অহা ৩০ জুনলৈ গ্ৰাহকৰ একাউণ্টত কোনো সৰ্বনিম্ন ধন জমা নাথাকিলেও বেংকে কোনো মাচুল কৰ্তন নকৰে। এই ৰেহাইৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীঃ বিশ্বত আক্ৰান্তৰ সংখ্যা চাৰি লক্ষাধিকলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story