Begin typing your search above and press return to search.

অসমৰ বান সমস্যা সমাধানৰ দাবী চিপিআইএমল অসম ৰাজ্যিক সমিতিৰ

অসমৰ বান সমস্যা সমাধানৰ দাবী চিপিআইএমল অসম ৰাজ্যিক সমিতিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 9:19 AM GMT

চিপিআই এমল অসম ৰাজ্যিক সমিতিয়ে কেন্দ্ৰীয় চৰকাৰে অসমক উপেক্ষা কৰিছে বুলি মন্তব্য কৰে । লগতে দলটোৱে ৰাজ্যত বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান বিছাৰে ৷ গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত দলৰ মুখ্য সচিব ৰবুল শৰ্মাই কয় যে অসমবাসীয়ে সম্প্ৰতি বানৰ কাৰণে বহু গুৰুত্বপূৰ্ণ স্থিতি মাজেৰে অতিবাহিত কৰিছে।

বানৰ লগতে সম্প্ৰতি গৰাখহনীয়াৰ ৰাজ্যবাসীক বহু হাৰাশাস্তিৰ সন্মুখীন কৰোৱাইছে ।অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি কৰে ৷ লগতে কোনো আঁচনি তৈয়াৰ কৰা নাই বুলি মন্তব্য কৰে। ৰবুল শৰ্মাই লগতে প্ৰকাশ কৰে যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ তথ্য অনুসৰি বিগত পাঁচ বছৰত প্ৰায় ১১ লাখ বীঘাতকৈও অধিক কৃষি ভূমি বানে প্ৰভাৱিত কৰিছে ৷

২৩ খন জিলাৰ প্ৰায় ৮৬৫৬১ জন লোক ভূমি হীন হৈছে ।শতকৰা ৬০ শতাংশ বান্ধৰ এতিয়াও মেৰামতি কৰা নাই ৷ গতিকে বান্ধ ২০১৫ তকৈ অধিক পৰিমাণে ক্ষতি গ্ৰস্ত হৈছে ২০১৮ চনত । ইফালে দলটোৱে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহ্বান কৰে। দুৰ্যোগ ব্যৱস্থাপনা কোষৰ পৰা দিয়া ধনৰ উপৰিও কেন্দ্ৰক ১০০০০ কোটি টকা দিবলৈ আহ্বান কৰে।

দ্বিতীয়তে অসমৰ দুৰ্যোগ ব্যবস্থাপনা বিভাগে এটি সংবাদ বিজ্ঞপ্তিত কয় যে ৬২ জন্তু পানীত উটি গ’ল ৷ ইয়াৰে কামৰূপত ৫৫ টা আৰু দৰং জিলাত ৭ টা ৷ ইফালে ২৫১ টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতি হৈছে। লগতে ২৬৮০ টা গৃহ আংশিকভাৱে ক্ষতি হোৱাৰ তথ্য পোৱা গৈছে ৷ আনহাতে উদালগুৰি জিলাৰ বহু স্থানত গৰাখহনীয়াৰ খবৰ পোৱা গৈছে। বঙাইগাঁৱৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গতত ১৫ টা পৰিয়াল গৰাখহনীয়াৰ কবলত পৰিছে ৷

যোৰহাট,দৰং,আৰু বিশ্বনাথত নদীৰ বান্ধ ক্ষতিগ্ৰস্ত হৈছে। বৰপেটা,দৰং, হাইলাকান্দী,কাছাৰ, ধুবুৰী,উদালগুৰি আৰু দক্ষিণ শালমাৰাত পথসমূহ ক্ষতিগ্ৰস্ত হৈ গৈছে ৷বৰপেটা আৰু শোনিতপুৰ আৰু কাছাৰত দলঙসমূহ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে এনডীআৰএফ, এছডীআৰএফ,সেনা আৰু প্ৰশাসনৰ বহু লোকসকলে বানাক্ৰান্তৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে৷

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: যতিন বৰা, ৰিয়ান পৰাগ, ৰিমা দাস আৰু বহুজনৰ বানাক্ৰান্তলৈ সাহাৰ্য্য

Next Story
চাকৰি