Begin typing your search above and press return to search.

ড্ৰাগচ সেৱনকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ড্ৰাগচ সেৱনকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 July 2019 9:09 AM GMT

ড্ৰাগচ সেৱনকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ৰাজ্যৰ সকলো আৰক্ষী থানাৰ ড্ৰাগছ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখা উচিত ৷ যাতে সমাজৰ পিছৰ প্ৰজন্মক ড্ৰাগচৰ পৰা ৰক্ষা কৰিব পাৰি ।সোনোৱালে শনিবাৰে বশিষ্ঠ থানাৰ পুনৰ উদঘাটনৰ সময়ত এই মন্তব্য কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে কয় যে ৰাজ্যত সম্প্ৰতি বানাক্ৰান্ত লোকসকলৰ সম্পত্তিসমূহ একাংশ লোকে চুৰি কৰি লৈ গৈছে ।

গতিকে এই ক্ষেত্ৰত উচিত ব্যৱস্থা কৰিবলৈ আহ্বান কৰে ৰাজ্যৰ আৰক্ষী প্ৰশাসনক ৷ এই অনুষ্ঠানত ৰাজ্যৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে মুখ্যমন্ত্ৰী সোনোৱালে ড্ৰাগছ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কয় ৷লগতে গুৱাহাটীৰ নাগৰিক সংগঠন,মহিলা সংগঠন আৰু গাঁৱ ৰক্ষী বাহিনী সকলোকে সজাগ হ’বলৈ কয় ৷

মাদক দ্ৰব্য সেৱন যুৱকসকলৰ কাৰণে বহু চিন্তনীয় ৷ মাদক দ্ৰব্য সেৱনে দেশৰ লোকসকলক সীমিত গতিৰে জীৱন অন্ধকাৰলৈ ঠেলী নিছে ৷ গতিকে সকলো সজাগ হৈ এই সন্দৰ্ভত উচিত ব্যৱস্থা কৰিব লাগে ৷কিছুদিনৰ পুৰ্বে অসম আৰক্ষীয়ে ৫৯০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছত এই খবৰে দেশত চাঞ্চ্যলৰ সৃষ্টি কৰিছিল ।

চাগালিয়া চেক পইন্টত এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । ধুবুৰী আৰক্ষী নেতৃত্বত ৫৯০ কেজিৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । টুইটাৰতপ্ৰকাশ পোৱা এই পষ্টটোত গাঞ্জাৰ ফটোও সন্নিবিষ্ট কৰি দিয়া হৈছিল ।

এই বৃহৎ সংখ্যক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাত প্ৰশংসা কৰিছিল অসম আৰক্ষীয়ে । টুইটাৰত প্ৰকাশ কৰাৰ পাছতে এই খবৰে তীব্ৰ চৰ্চা লাভ কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটীৰ মেট্ৰ ৰেলৰ প্ৰকল্প বাস্তৱত ৰূপায়ণ হ’বনে? নে আধাৰশিলাতে সীমাবদ্ধ হব ?

Next Story
চাকৰি