গুৱাহাটীৰ মেট্ৰ ৰেলৰ প্ৰকল্প বাস্তৱত ৰূপায়ণ হ'বনে? নে আধাৰশিলাতে সীমাবদ্ধ হব ?

গুৱাহাটীৰ মেট্ৰ ৰেলৰ প্ৰকল্প বাস্তৱত ৰূপায়ণ হ'বনে? নে আধাৰশিলাতে সীমাবদ্ধ হব ?

গুৱাহাটীত মেট্ৰ ৰেলৰ প্ৰকল্প বাস্তৱায়িত হব নে নাই , সেয়া বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন। ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খানাপাৰাত মেট্ৰ ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু উন্নয়নৰ এই প্ৰকল্প আধাৰশিলাতে সীমাবদ্ধ হৈ ৰ'ল ।বৰ্তমান এই আধাৰশিলাৰ স্থানত হাবি জংঘলৰে ভৰি পৰা পৰিলক্ষিত হৈছে । ১৪ হাজাৰ কোটি টকীয়া প্ৰকল্পটো এতিয়া পৰিত্যক্ত অবস্থাত ।

উল্লেখযোগ্য যে, গুৱাহাটীক স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু এই প্ৰকল্প তথা আচনি সমূহ বাস্তবত ৰূপায়িত হোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ আমোলত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটী মেট্ৰ' ৰেল ব্যবস্থাৰ বাবে সন্মতি দিছিল । সেই সময়ত ৰাজ্য চৰকাৰে মেট্ৰ' ৰে'লৰ প্ৰকল্প আৰম্ভ কৰাৰ বাবদ ২৫ কোটি অনুমোদন দিছিল। প্ৰকল্পটো সম্পূৰ্ণ হ'বৰ বাবে খৰচ ধাৰ্য কৰা হৈছিল ১৪ হাজাৰ কোটি টকা । মেট্ৰ' ৰেল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী নগৰ উন্নয়ন বিভাগক ।পূৰ্বে চাৰিটা কৰিডৰ ক্ৰমে ধাৰাপুৰৰ পৰা নাৰেঙ্গী(২৬.৬ কি.মি), এম জি ৰোডৰ পৰা খানাপাৰা (১০ কি.মি.), জালুকবাৰীৰ পৰা খানাপাৰা (১৯.৪ কি. মি)), আই এছ বি টিৰ পৰা পল্টনবজাৰ (৯.৪ কি.মি) আছিল। এই মেট্ৰ’ ৰে’ল প্ৰকল্প মুঠ ৬১.৪২ কি:মি: দৈৰ্ঘ্যৰ আছিল।

কেৱল মেট্ৰ ৰেল প্ৰকল্পয়ে আধাৰশিলাতে সীমাবদ্ধ হৈ ৰোৱা নাই , লগতে গুৱাহাটীৰ পদপথকে ধৰি ভেণ্ডৰ জ'ন, নলা নিষ্কাষনত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে পৌৰ নিগম ।বিক্ৰেতা সকলৰ বাবে নিদিষ্ট ভেণ্ডৰ জ’নৰ ব্যবস্থা নকৰাৰ ফলতে বিক্ৰেতা সকলে যথেষ্ট অসুবিধাৰ মাজেৰে ব্যবসায় কৰিব লগা হৈছে । বিক্ৰেতা সকলে পদ পথ আদিত ব্যৱসায় কৰিব লগা হোৱাত পথচাৰী সকলক মাজতো সমস্যায়ে দেখা দিয়ে । সেয়েহে এই সমস্যা সমূহ সমাধান কৰিবলৈ ভেণ্ডৰ জ’নৰ নিত্যান্তয়ে প্ৰয়োজনীয় হৈ পৰিছে । কিন্তু গুৱাহাটী পৌৰ নিগমে চহৰ খনত ভেণ্ডৰ জ’ন নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে ।

২০১৪ চনৰ প্ৰটেকচন অব লাইভলিহুদ এণ্ড ৰেগুলেচন অব ষ্টিট ভেণ্ডিঙ ( Protection of livelihood & regulation of street vending) ৰ অধিনত পদ পথৰ বিক্ৰেতা সকলৰ বাবে এক নিদিষ্ট স্থানৰ ব্যবস্থা কৰিব লাগে। যত এই বিক্ৰেতা সকলে নিজৰ নাম ৰেজিষ্ট্ৰেচন আৰু চিনাক্তকৰণ কৰি দোকান প্ৰতিস্থা কৰিব পাৰে । ভেণ্ডৰ জ’নৰ জৰীপ ২০১৫ চনৰ এপ্ৰিল মাহতে সমাপ্ত হৈছে কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষয়ে ব্যবস্থা গ্ৰহণ কৰা নাই ।

এখন স্মাৰ্ট চিটীৰ সপোন দেখুৱা ৰাজ্য খনতে এজাক বৰষুণতে কৃটিম বানপানীৰ সৃষ্টি হোৱাৰ ফলত গুৱাহাটী বাসীয়ে বছৰ বছৰ ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে । লগতে বিশুদ্ধ খোৱা পানীৰ সংকটত ভূগিব লগা হৈছে মহানগৰ বাসী।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com