মেট্ৰত যাত্ৰা কৰোঁতে সাবধান হওঁক: কলকাতাৰ মেট্ৰত হাত লাগি ধৰি এজনৰ মৃত্যু

মেট্ৰত যাত্ৰা কৰোঁতে সাবধান হওঁক: কলকাতাৰ মেট্ৰত হাত লাগি ধৰি এজনৰ মৃত্যু

মেট্ৰত যাত্ৰা কৰোঁতে সাবধান হওঁক আপুনি। কাৰণ কলকাতাত শনিবাৰে এক হৃদয় বিদায় ঘটনা সংঘটিত হৈছে । কলকাতাত শনিবাৰে এজন ৫৬ বছৰীয়া এজন লোকৰ মেট্ৰৰ দুখন দুৱাৰৰ মাজত হাত লাগি ধৰাৰ ফলত মৃত্যু হৈছে ।

মৃত্যু হোৱা লোক জনৰ নাম শ্বাজাল কানজিলাল । কলকাতাৰ কাশবা অঞ্চলৰ নিবাসী আছিল এই ৫৬ বছৰীয়া লোক জন ।

পাৰ্ক ষ্ট্ৰিট ষ্টেচনত প্ৰায় ৬.৪২ বজাতএই অস্বাভাৱিক ঘটনাটো সংঘটিত হৈছে । মেট্ৰৰ জেনেৰেল মেনেজাৰ পি চি শৰ্মায়ে উচ্চ পৰ্যায়ৰ তদন্তৰ কৰিছে নিৰ্দেশ দিছে । কেনেকৈ এই ঘটনা সংঘটিত হবলৈ পালে তাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে ৰেল খন ৰখাই দিয়া হয় । যাত্ৰী সকলক স্থানান্তৰ কৰা হয় । এই ঘটনা সংঘটিত হোৱাৰ পাছত মেট্ৰ সেৱা সাময়িক ভাৱে স্থগিত ৰখা হয় । এই ঘটনাৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

এই ঘটনাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অতি দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰিছে , লগতে উচ্চ পৰ্যায়ৰ নিৰ্দেশ দিছে । লগতে মুখ্যমন্ত্ৰীয়ে নগৰ উন্নয়ন মন্ত্ৰী আৰু কলকাতা মেয়ৰ ফিৰহাড হাকিমক ঘটনাস্থলীত উপস্থিত হবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰিয়াল বৰ্গক সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com