Begin typing your search above and press return to search.

অৰবিন্দ কেজৰিয়ালৰ "মেট্ৰ যাত্ৰা মহিলাৰ বাবে বিনামূলীয়া" কৰাৰ প্ৰস্তাৱ বাতিল কেন্দ্ৰৰ

অৰবিন্দ কেজৰিয়ালৰ মেট্ৰ যাত্ৰা মহিলাৰ বাবে বিনামূলীয়া কৰাৰ প্ৰস্তাৱ বাতিল কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 12:10 PM GMT

দেশৰ ৰাজধানী চহৰত মেট্ৰ যাত্ৰা মহিলা সকলৰ বাবে বিনামূলীয়া কৰাৰ প্ৰস্তাৱ বাতিল কৰিছে কেন্দ্ৰীয় চৰকাৰে । আপ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে লোকসভা নিৰ্বাচনৰ পূৰ্বে এক প্ৰস্তাৱ দিছিল যে দিল্লীত মহিলা সকলে বিনামূলীয়াকৈ যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিব লাগে । বৃহস্পতি বাৰে কেন্দ্ৰয়ে আম আদমি পাৰ্টি ৰ এই প্ৰস্তাৱ বাতিল কৰিছে ।

লোকসভাত এই প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় বাসগৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী হাৰদ্বিপ সিঙ পুৰীয়ে প্ৰকাশ কৰে যে, কেন্দ্ৰীয় চৰকাৰে দিল্লী মেট্ৰত কাৰো বাবেই যাত্ৰা বিনামূলীয়া নহব । কেন্দ্ৰৰ অংশীদাৰ দিল্লী মেট্ৰ ৰেল ক'ৰপৰাচন আৰু দিল্লী চৰকাৰে ৰাজহুৱা যাতায়াতৰ পৰা ৫০ শতাংশ লাভ কৰি আছে ।

কেন্দ্ৰয়ে প্ৰকাশ কৰে যে, দিল্লী মেট্ৰত মহিলা সকলৰ বাবে যাত্ৰা বিনামূলীয়া কৰাৰ প্ৰস্তাৱ ৰূপায়ণ কৰাত কোনো কাৰণ নাই । কিছুমান মহিলা সেৱিকায়ে সংৰক্ষণৰ কথা প্ৰকাশ কৰি কয় যে মহিলা সকলে বৰ্তমান সকলো দিশতে আগবঢ়া, সেয়েহে তেওঁলোকে নিজৰ যাত্ৰাৰ খৰচ নিজে দিব পাৰিব বুলি প্ৰকাশ কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে জুন মাহত দিল্লীত মহিলাৰ যাতায়াতৰ বাবে বিনামূলীয়া কৰা প্ৰস্তাৱ প্ৰকাশ কৰিছিল । উপ মুখ্যমন্ত্ৰী মানিস চিচদিয়ায়ে এই প্ৰস্তাৱক সমৰ্থন কৰি প্ৰকাশ কৰিছিল যে , যেতিয়া দিল্লী মেট্ৰ ৰেলৰ প্ৰত্যেক দিনে ৪০ লাখ যাত্ৰীৰ যাত্ৰাৰ সুবিধা আছে , কিন্তু তাৰ পিছতো ২৫ লাখ লোকতকৈ কম লোকে মেট্ৰ ব্যবহাৰ কৰে ।

মেট্ৰ মেন আৰু দিল্লী মেট্ৰৰ পৰামৰ্শক অধক্ষ্য ই শ্ৰীধাৰানে প্ৰকাশ কৰে যে , যদি অৰবিন্দ কেজৰিয়ালে দিয়া প্ৰস্তাৱ ৰূপায়ণ কৰা হয়। এই পদক্ষেপে মেট্ৰ সেৱাত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব । ৪০ লাখ যাত্ৰীৰ প্ৰায় ৩০ শতাংশয়ে মহিলা যাত্ৰী ।“মহিলা সকলৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰিছিল মনিশ চিচদিয়ায়ে ।

এই প্ৰস্তাৱৰ কথা প্ৰকাশ কৰি কেজৰিয়ালে কৈছিল যে যি সকলে বাছ অথবা মেট্ৰৰ ভাড়া দিবলৈ অসক্ষম তেওঁৰ বাবে কোনো চিন্তাৰ কাৰণ নাথাকিব ।

"এইটো নিঃসন্দেহে ভাল সিদ্ধান্ত । জনসাধাৰণৰ জীৱন যাপনৰ মানদণ্ড উন্নয়নৰ বাবে তেওঁলোকৰ দলে চেষ্টা কৰিব বুলিও প্ৰকাশ কৰিছিল অৰবিন্দ কেজৰিয়ালে ।দলৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি একাংশয়ে মন্তব্য কৰাত কেজৰিয়ালে নাকচ কৰে এই কথা ।

অধিক খবৰৰ বাবে পঢ়ক :বাছ আৰু মেট্ৰৰ ভাড়া মহিলাৰ বাবে বিনামূলীয়া হব : অৰবিন্দ কেজৰিয়াল

Next Story
চাকৰি