Begin typing your search above and press return to search.

বাছ আৰু মেট্ৰৰ ভাড়া মহিলাৰ বাবে বিনামূলীয়া হব : অৰবিন্দ কেজৰিয়াল

বাছ আৰু মেট্ৰৰ ভাড়া মহিলাৰ বাবে বিনামূলীয়া হব : অৰবিন্দ কেজৰিয়াল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 12:26 PM GMT

দিল্লী মহিলাৰ বাবে সুখবৰ । ৰাজহুৱা বাছ আৰু মেট্ৰত মহিলাৰ বাবে ভাড়া বিনামূলীয়া হব বুলি ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ।৪০ লাখ যাত্ৰীৰ প্ৰায় ৩০ শতাংশয়ে মহিলা যাত্ৰী ।

যিসকল মহিলায়ে বাছ অথবা মেট্ৰৰ ভাড়া অধিক হোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল, সেই সকলৰ বাবে যথেষ্ট সুবিধা হব । লগতে কেজৰিয়ালে প্ৰকাশ কৰে যে এই প্ৰস্তাৱটো ২-৩ মাহৰ ভিতৰত আৰম্ভ কৰিবলৈ চেষ্টা কৰিব । লগতে এই প্ৰস্তাৱ ৰূপায়ণৰ ক্ষেত্ৰত জনসাধাৰণৰ মতামত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে কেজৰিয়ালে।

"মহিলা সকলৰ সুৰক্ষাৰ বাবে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে মনিশ চিচদিয়ায়ে ।

এই প্ৰস্তাৱৰ কথা প্ৰকাশ কৰি কেজৰিয়ালে কয় যে যি সকলে বাছ অথবা মেট্ৰৰ ভাড়া দিবলৈ অসক্ষম তেওঁৰ বাবে কোনো চিন্তাৰ কাৰণ নাথাকিব ।

এইটো নিঃসন্দেহে ভাল সিদ্ধান্ত । জনসাধাৰণৰ জীৱন যাপনৰ মানদণ্ড উন্নয়নৰ বাবে তেওঁলোকৰ দলে চেষ্টা কৰিব বুলিও প্ৰকাশ কৰে অৰবিন্দ কেজৰিয়ালে ।দলৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি একাংশয়ে মন্তব্য কৰা কেজৰিয়ালে নাকচ কৰে এই কথা ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি