অসমৰ শ্বহীদ জোৱানৰ পত্নীক অশালীন মন্তব্য কৰা যুৱকক গ্ৰেপ্তাৰ

অসমৰ শ্বহীদ জোৱানৰ পত্নীক অশালীন মন্তব্য কৰা যুৱকক গ্ৰেপ্তাৰ

জম্বু-কাশ্মীৰ আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখায়ে অসমৰ বীৰ শ্বহীদ জোৱানৰ পত্নীক অশালীন মন্তব্য কৰা আব্বাছক গ্ৰেপ্তাৰ কৰিছে ।

কমলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ দলে জম্মু–কাশ্মীৰৰ কুলগাম জিলাৰ ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰে। ছট্টীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সুনীল কলিতাৰ পত্নীক উদ্দেশ্যি ছচিয়েল মিডিয়াত অত্যন্ত অশালীন মন্তব্য কৰিছিল এইটো নৰাধমে। এই কাণ্ডত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত কমলপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৫০৭ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

এই সমগ্ৰ ঘটনাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৰুত্ব সহকাৰে লৈছিল । মুখ্যমন্ত্ৰীয়ে আব্বাছক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক । বীৰ শ্বহীদৰ পত্নীক অপমান কৰা ব্যক্তিক উচিত শাস্তি দিব লাগিব বুলি প্ৰকাশ কৰে।

আনহাতে , ৰমেন বৰুৱায়ে কমলপুৰ আৰক্ষী থানাত ১৫ জুনত এক গোচৰ দাখিল কৰিছিল । এই গোচৰৰ ভিত্তিতে কমলপুৰ আৰক্ষীৰ তিনি জনীয়া দলে অভিযান চলাই আব্বাছক কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ পিছতে অসম আৰক্ষীয়ে জম্মু–কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি দেশদ্রোহী নৰপিশাচটোক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ তিনিজনীয়া দলটোৱে ৬০০–৭০০ মানুহে ঘেৰাও কৰি ৰখা অৱস্থাৰ মাজতে স্ব–গৃহৰ পৰা আব্বাছক গ্ৰেপ্তাৰ কৰোতে যথেষ্ট বিপদ আৰু সমস্যাত পৰাৰ কথা সংবাদ মাধ্যমক জনায় আৰক্ষীয়ে। শ শ লোকৰ বাধা নেওচি অত্যন্ত বিপদসংকুল পৰিস্থিতিৰ মাজত আৰক্ষীৰ দলটোৱে ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰি কুলগাম থানালৈ আনে।জম্মু–কাশ্মীৰৰ আদালতৰ পৰা আব্বাছক ট্ৰেনজিত ৰিমাণ্ডত লৈ দিল্লী হৈ গুৱাহাটীলৈ আনে আৰক্ষীয়ে। কামৰূপ জিলা আদালতত হাজিৰ কৰোৱাৰ পিছতে আৰক্ষীয়ে জেৰা কৰিব ছাহিল আব্বাছক।

অসম আৰক্ষীৰ তিনি জনীয়া দলটোৱে ১৭ জুনত কাশ্মীৰলৈ ৰাওনা হৈছিল আৰু জম্বু কাশ্মীৰৰ পৰা আটক কৰে।

২৮ মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল অসমৰ বীৰ জোৱান জন।পিছত সংকটজনক অৱস্থাত দিল্লীৰ AIIMSত ভৰ্তি কৰা হৈছিল অসমৰ বীৰ জোৱান জনক। কিন্তু মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা সুনীল কলিতাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে।ঝাৰখণ্ডৰ চৰাইকিলা জিলাত সংঘটিত হোৱা এই আক্ৰমণত আহত হৈছিল দেশৰ ১৫জন CRPF জোৱান। আক্ৰমণত অসমৰ সুনীল কলিতাৰ লগতে আহত হৈছিল বকোৰ মিজানুৰ ৰহমান আৰু হোজাইৰ শম্ভূ মালা।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com