Begin typing your search above and press return to search.

তবলীগী জামাতত অংশগ্ৰহণ কৰি আত্মগোপন কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'বঃ হিমন্ত বিশ্ব শৰ্মা

তবলীগী জামাতত অংশগ্ৰহণ কৰি আত্মগোপন কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হবঃ হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2020 9:05 AM GMT

তবলীগী জামাতত অংশগ্ৰহণ কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু হ'বঃ হিমন্ত বিশ্ব শৰ্মা। অসম চৰকাৰে দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহৰ শেহতীয়া তবলীগী জামাতত অংশগ্ৰহণ কৰি আত্মগোপন কৰি থকাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব । বিশেষকৈ যিসকলে নিজ নিজ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ বিষয়ে জ্ঞাত হৈও স্বাস্থ্য বিভাগক অৱগত কৰা নাছিল ।

অসমত ২৬ জন কোৰোনা পজিটিভ ওলাইছে আৰু ইয়াৰে ২৫ জনে নিজামুদ্দিন মাৰকাজৰ এই জামাতত অংশগ্ৰহণ কৰিছিল।

এই কথা সদৰী কৰি সংবাদ মাধ্যমৰ আগত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " চৰকাৰে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো নিজামুদ্দিনত অংশগ্ৰহণ কৰা লোকসকল ওলাই অহা নাই । কিছুমান লোকে পলাই ফুৰিছে আৰু তেওঁলোকৰ পৰিয়ালেও সহযোগ কৰা নাই । এয়া বহুত দুৰ্ভাগ্যজনক । ইয়াৰ বাবে আমি সকলো অংশগ্ৰহনকাৰীক ওলাই অহাৰ লগতে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি কভিড-১৯ ৰ পৰীক্ষা কৰাৰ বাবে দেওবাৰলৈকে অপেক্ষা কৰা হ’ল।যদি তেওঁলোকে ওলাই নাহে তেন্তে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব " ।‌

মন্ত্ৰীজনে লগতে কয় যে আৰক্ষীয়ে সোমবাৰৰ পৰা গোচৰ ৰুজু কৰা আৰম্ভ কৰিব। তদুপৰি নিজামুদ্দিন দৰগাহৰ জামাতৰ সৈতে জড়িত লোকসকলৰ পৰিয়ালৰ কিছু লোকেও চৰকাৰৰ লগত সহযোগ কৰা নাই আৰু সেইসকল লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হ'ব ।

শৰ্মাই আৰু কয়, "আমি সকলো অংশগ্ৰহণকাৰীক বিচাৰি উলিয়াম । কিন্তু নিজামুদ্দিন জামাতৰ লগত জড়িত লোকসকলৰ পৰা সংক্ৰমণ ৰোধৰ বাবে আমি সময়সীমা নিৰ্ধাৰণ কৰি দিছো‌"।

এই জামাতত অংশগ্ৰহণকাৰী নতুন নতুন লোকৰ তথ্য প্ৰতিদিনে পোহৰলৈ আহিছে। বিভিন্ন উৎসৰ পৰা খবৰ চৰকাৰলৈ আহিছে আৰু এই সকলো তথ্য সত্য। তেওঁ কয় যে এয়া শেষ বাৰৰ বাবে চৰকাৰে এনে লোকলৈ আহ্বান জনাইছে।অন্যথা চৰকাৰ কঠোৰ হ'ব।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না মহামাৰী: ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা জাৰি

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি