Begin typing your search above and press return to search.

নৃত্যৰ লগতে শিক্ষা দি ছ’চিয়েল মিডিয়াত চৰ্চিত এজন শিক্ষক

নৃত্যৰ লগতে শিক্ষা দি ছ’চিয়েল মিডিয়াত  চৰ্চিত এজন শিক্ষক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2019 12:36 PM GMT

এজন বিশেষ শিক্ষকে সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চিত লাভ কৰিছে ৷ উৰিষ্যাৰ কৰাপুৰ জিলাৰ লামটাপুৰ প্ৰাইমেৰী বিদ্যালয়ৰ প্ৰফুল্ল কুমাৰ পাথী নামৰ শিক্ষক জনে কন কণ শিশুসকলক পঢ়োৱা ধৰণে সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। আৰু সকলোৰে মাজত ভিডিঅ’টিয়ে প্ৰশংসা লাভ কৰিছে ৷

কাৰণ, শিক্ষক প্ৰফুল্ল কুমাৰ পাথীয়ে কণ কণ শিশুসকলক নাচি নাচি কবিতা পঢ়োৱা দেখা গৈছে । আৰু কণ কণ শিশুসকলক শিক্ষকজনে শিকোৱা কৰাৰ ধৰণেই কবিতা আওঁৰোৱা দেখা গৈছে। ইফালে ডান্সিং ছাৰ নামেৰে সকলোতে বিয়পি পৰা ৫৬ বয়সীয়া শিক্ষক গৰাকীয়ে ২০০৬ চনৰ পৰা এনেদেৰে নাচি নাচি কণ কণ শিশুসকলক পঢ়াই আছে।

এক সাক্ষাৎকাৰত শিক্ষক জনে কৈছে যে শিক্ষা ব্যৱস্থাটো আনন্দ কৰি শিকিলে আগবাঢ়ি যাব পাৰি ৷ কাৰণ নীৰস হ’লে শিক্ষা ল’ব কোনেও নিবিচাৰে। কিন্তু মই যেতিয়া নৃত্য কৰি কৰি পঢ়াইছিলো ৷ তেতিয়া কন কণ শিক্ষাৰ্থীসকলে আমোদজনক ভাৱে এই শিক্ষাৰ সোৱাদ লৈছিল ৷আৰু শিক্ষাৰ্থীসকলেও সম্প্ৰতি বিদ্যালয়লৈ আহিবলৈ উৎসুকতা প্ৰকাশ কৰি থাকে ।

প্ৰফুল্ল কুমাৰ পাথীৰ বিদ্যালয় খনৰ এজন শিক্ষকে কয় যে যেতিয়া মই শ্ৰেণীত প্ৰবেশ কৰোঁ ৷ তেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক সক্ৰিয় কৰি ৰাখিবলৈ প্ৰয়াস কৰোঁ। কাৰণ দুপৰীয়া আহাৰৰ পিছত কণ কণ শিশু সকল টোপনি অহাৰ সম্ভাৱনা থাকে। আনহাতে পাথীৰ পঢ়োৱাৰ নতুন ধৰণে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা সম্প্ৰতি বৃদ্ধি কৰিছে । গতিকে যি সময়ত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণৰ সন্দৰ্ভত বিভিন্ন প্ৰসংগ চৰ্চা লাভ কৰি আছে ৷কিন্তু চৰকাৰী বিদ্যালয়সমূহত এনে ধৰণৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক অধিক আকৰ্ষিত কৰিব।

অধিক খবৰৰ বাবে পঢ়ক: চোৰ কৰিল:পিছে পাহৰিল সন্তান আৰু সম্প্ৰতি কাৰাগাৰত

ভিডিঅ প্ৰতক্ষ্য কৰক:Film fraternity of Assam organizes felicitation ceremony

Next Story
চাকৰি