Begin typing your search above and press return to search.

চোৰ কৰিল:পিছে পাহৰিল সন্তান আৰু সম্প্ৰতি কাৰাগাৰত

চোৰ কৰিল:পিছে পাহৰিল সন্তান আৰু সম্প্ৰতি কাৰাগাৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2019 11:27 AM GMT

চোৰ কৰি ধৰা পৰাটো একো ডাঙৰ কথা নহয় কিন্তু ৷ এইবাৰ এগৰাকী মহিলা ধৰা পৰিল অলপ বেলেগ ধৰণে ৷ এখন দোকানৰ পৰা সৰু ল’ৰা ছোৱালীৰ এখন গাড়ী চোৰ কৰি দোকানখনৰ পৰা বাহিৰলৈ ওলাই গ’ল তিনিগৰাকী মহিলা ৷ কিন্তু তাৰে এগৰাকী মহিলাই নিজৰ সন্তানক দোকানখনৰ ভিতৰতে এৰি থৈ আহে। কিন্তু বিধিৰ বিপাকত মহিলা তিনিগৰাকীৰ সকলো কাৰ্য চিচিটিভিৰ কেমেৰাত আৱদ্ধ হয় ৷

এক বিশেষ সূত্ৰৰ মতে মহিলা তিনিগৰাকীৰ এগৰাকীয়ে দোকান খনৰ কৰ্মচাৰীৰ লগত কথা পাতি থাকোঁতেই আন এগৰাকী মহিলাই সৰু ল’ৰা ছোৱালী গাড়ীখন চোৰ কৰি বাহিৰলৈ ওলাই যায় ৷ দোকানখনৰ চি চি টিভি ফুটেজত কেনেদৰে মহিলাগৰাকীয়ে দোকানখনৰ পৰা বস্তু চোৰ কৰিছে ৷ আৰু ইয়াৰ পিছত নিজৰ সন্তানক কেনেকৈ পাহৰি বাহিৰলৈ ওলাই গ’ল এই সকলোবোৰ প্ৰত্যক্ষ কৰিছে।

আনহাতে দোকানখনৰ মালিকৰ মন্তব্য অনুসৰি মই আচৰিত হৈছো যে কেনেকৈ এগৰাকী মাতৃয়ে নিজৰ সন্তানক পাহৰি নিজৰ সম্পূৰ্ণ মন বস্তু চোৰ কৰাত লগাব পাৰে ৷ লগতে মালিক গৰাকীয়ে কয় যে যদি আপুনি জীয়াই থাকিবৰ কাৰণে চোৰ কৰিছে তেতিয়া এইয়া আপোনাৰ ব্যক্তিগত সমস্যা ৷কিন্তু আপুনি যদি সন্তানক লগত লৈ চোৰ কৰিবলৈ আহে তেতিয়া আমি বুজি নাপাওঁ এইয়া কি হৈ আছে ।গতিকে মই এই ভিডিঅ’টো বহুবাৰ শ্বেয়াৰ কৰিছোঁ ৷

উল্লেখ্য যে আৰক্ষীয়ে তিনি গৰাকী মহিলাৰ ভিতকত দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে ৷আৰু তেওঁলোকে দোকানখনে বস্তু চোৰ কৰাৰ ষড়যন্ত্ৰ ৰচিচে বুলি মত প্ৰকাশ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক:হৃদয়বিদাৰক:বিগত ১৯ বছৰ ধৰি ৰাজহুৱা শৌচালয়ত এগৰাকী মহিলা

ভিডিঅ প্ৰতক্ষ্য কৰক: Pratibandhi Suraksha Sangstha stages protest | The Sentinel News | Assam News

Next Story
চাকৰি