হৃদয়বিদাৰক:বিগত ১৯ বছৰ ধৰি ৰাজহুৱা শৌচালয়ত এগৰাকী মহিলা

হৃদয়বিদাৰক:বিগত ১৯ বছৰ ধৰি ৰাজহুৱা শৌচালয়ত এগৰাকী মহিলা

হৃদয়বিদাৰক, বিগত ১৯ বছৰ ধৰি ৰাজহুৱা শৌচালয়ত এগৰাকী মহিলা ৷ তামিলনাডুৰ মাডুৰাই এগৰাকী বয়স্থ মহিলাৰ এই হৃদয় বিদাৰক কাহিনীয়ে চকু সেমেকাই তুলিছে প্ৰত্যেক জন লোকৰ ৷ ৬৫ বছৰীয়া মহিলাগৰাকী ১৯ বছৰ ধৰি আছে ৰাজহুৱা শৌচালয়ত ৷ মহিলাগৰাকীৰ এই হৃদয় বিদাৰক ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে বিভিন্ন ধৰণৰ জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এক বিশেষ সুত্ৰৰ মতে কাৰুপাই নামৰ ৬৫ বছৰীয়া মহিলাগৰাকী জীৱনৰ আধাতকৈও অধিক বয়স ৰাজহুৱা শৌচাগাৰত বাস কৰোঁতেই অতিবাহিত হ’ল। শৌচাগাৰ পৰিস্কাৰ কৰি কাৰুপাইয়ে উপাৰ্জন কৰে ৭০ ৰ পৰা ৮০ টকা। এনেদৰেই দৈনিক জীৱন অতিবাহিত কৰিছে কাৰুপাইয়ে।

ইফালে চৰকাৰীখণ্ডত বিভিন্ন সহায়ৰ সম্পৰ্কত কাৰুপাইয়ে মন্তব্য কৰে যে পেঞ্চনৰ কাৰণে মই চৰকাৰৰ বিভিন্ন বিভাগত আবেদন কৰিছোঁ যদিও সুফল পোৱা নাই ৷ মহিলাগৰাকীয়ে চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ লগত সম্পৰ্ক কৰিছে যদিও, তেওঁলোকেও মহিলাগৰাকীৰ আহ্বানক উপেক্ষা কৰিছে ৷ ইফালে কাৰুপাইৰ এগৰাকী কন্যা সন্তান আছে ৷ কিন্তু কোনো খবৰ নলয় কন্যা গৰাকীয়ে ।

এই সন্দৰ্ভত কাৰুপাইৰ মন্তব্য যে মোৰ লগত উপাৰ্জনৰ কোনো পথ নাই ৷ সেয়েহে মই এই ৰাজহুৱা শৌচালয়ত বাস কৰিছোঁ ৷ইয়াৰ পৰা মই ৭০ ৰ পৰা ৮০ টকা উপাৰ্জন কৰিছোঁ ৷ মোৰ এজনী ছোৱালী আছে ৷ কিন্তু তাই কেতিয়াও মোক খবৰ কৰিবলৈ নাহে। উল্লেখ্য যে কাৰুপাইৰ এই হৃদয়বিদাৰক কাহিনী পঢ়াৰ পিছত বহু লোকে সহায়ৰ হাত আগবঢ়াইছে। বিভিন্ন জনে টুইটাৰৰ জৰিয়তে মেছেজ কৰি সহায়ৰ কাৰণে আগবাঢ়ি আহিছে ৷এগৰাকীয়ে লিখিছে আমি সহায় কৰিব লাগে ৷মই সহায়ৰ কাৰণে সাজু আছো ৷

অন্য এজনে লিখিছে মই এনেধৰণৰ দৃশ্য চাব নোৱাৰো ।মই সহায় কৰিবলৈ পালে সুখী হ’ম । লগতে তামিলনাডুৰ মুখ্যমন্ত্ৰীক মই নিবেদন কৰিছো যাতে এই মহিলাগৰাকীক সহায় কৰে। আনহাতে কাৰুপাইক সহায় কৰিবৰ কাৰণে বহু লোকে চৰকাৰী বিষয়াসকলক টেগ কৰিছে আৰু তেওঁক সহায় কৰিবৰ কাৰণে আহ্বান কৰিছে ৷ গতিকে এইয়া কেৱল তামিল নাডুৰ কাৰুপাইৰ কাহিনী নহয়৷ আমাৰ দেশত,সমাজত এনে ধৰণৰ বহু কাৰুপাই আছে ৷ গতিকে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই অন্তত মৌলিক অধিকাৰ অন্ন,বস্ত্ৰ আৰু বাসস্থানৰ যোগান ধৰিবলৈ যাৱতীয় ব্যৱস্থা ল’ব লাগে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com