Begin typing your search above and press return to search.

অৱশেষত দৰং আৰক্ষীৰ জালত পৰিল গাড়ী চুৰৰ দল

অৱশেষত দৰং আৰক্ষীৰ জালত পৰিল গাড়ী চুৰৰ দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2019 3:04 PM GMT

অৱশেষত দৰং আৰক্ষীৰ জালত পৰিল গাড়ী চুৰৰ দল । কিছুদিন পূৰ্বে মঙলদৈ জিলাৰ ভাৰত ভূষন মহন্তৰ ঘৰৰ পৰা । মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত মঙলদৈৰ ৰান্ধনী সত্ৰ গাঁৱৰ পৰা চুৰি হৈছিল ডিজেয়াৰ বাহন এখন । বাহন খনৰ মালিক ভাৰত ভূষন মহন্ত গাঁৱৰ সন্মানীয় ৰাজ্যিক পুৰষ্কাৰ প্ৰাপ্ত কৃতি শিক্ষক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। পুৱতি নিশা ভাৰত ভূষনৰ ঘৰৰ পৰাই চুৰি হৈছিল ডিজায়াৰ বাহন খন।

তাৰ পিছতেই ভাৰত ভূষন মহন্তই এজাহাৰ দাখিল কৰিছিল পাথৰিঘাট আৰক্ষী চকীত।এজাহাৰৰ লগতে ভিতৰত ভূষনে ফটোও দিছিল চোৰ দুটাৰ।লগে লগে সস্তম হৈ উঠে আৰক্ষী। তাৰ ওপৰত ভিত্তি কৰিয়ে আৰক্ষীয়ে দৰং আৰু কাৰ্বি আংলং আৰক্ষীৰ তত্বাৱধানত ১২ ঘন্টাৰ ভিতৰত কাৰ্বি আংলঙৰ মাঞ্জা গাঁৱত দুজন গাড়ী চোৰক ১৪ চেপ্তেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ।

চাইবাৰ চেলৰ সহায়ত গাড়ী খনত থকা লাইফটাৰৰ সহায়ত গাড়ীখনৰ অৱস্থান চাই নিশা প্ৰায় ৭•১০ মান বজাত কাৰ্বি আংলং জিলাৰ ডকমকা অঞ্চলত কৰায়ত্ত কৰে বাহন খন লগে গ্ৰেপ্তাৰ কৰে দুই চোৰক। এই তদন্ত প্ৰক্ৰিয়াতসেই গাড়ী চুৰি কাণ্ডৰ ডিমাপুৰ আৰু নাগালেণ্ডৰ মূল দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দৰং আৰক্ষী ।

আৰক্ষী অধীক্ষক অমৃত ভূঞা ,উপ পৰিদৰ্শক কৃষ্ণকান্ত লষ্কৰ আৰু জিলা চাইবাৰ চেল আৰু পৰিদৰ্শক পথুৰাঘাট পুলিচ আউটপস্ত , উপ পৰিদৰ্শক হাজৰিকা দুই দিন ধৰি চলোৱা এক অভিযানত আটক কৰে পৱন বনিয়া আৰু ভৱেশ কলিতাৰ ৰ দলৰ আন সদস্যক । তেওঁ লোকৰ দলৰ মূল ঘাটি হ'ল ডিমাপুৰ ত । লোক দুজন ডিমাপুৰ ৰ ছুম্বা চাং (৩৮) আৰু ছূবা চাং ( ২৭) বুলি জানিব পৰা গৈছে ।

গাড়ী চুৰি কাৰ্যত জড়িত পবন বনিয়াই ইতিমধ্যে ১০,০০০ টকা জৰিমনা ভৰিছে লগতে গাড়ী খন ঘূৰাই দিয়াৰ লগতে ১,৫০,০০০ টকা জৰিমনা ভৰিবলৈ সন্মতি প্ৰদান কৰিছে । দিলাই পুলিচৰ পৰিদৰ্শক, উপ পৰিদৰ্শক ৰঞ্জিত হাজৰিকা , কাৰ্বি আংলং জিলাৰ লাহৰিজান পুলিচ আউটপোষ্টৰ পৰিদৰ্শক, উপ পৰিদৰ্শক চিতা ৰঞ্জন বৰা সকলোৱে গাড়ী চুৰৰ দলটোক গ্ৰেপ্তাৰ কৰাত সহায় সহযোগিতা আগবঢ়াইছে দৰং আৰক্ষীক । ৰবিবাৰে তেওঁলোকক কোৰ্ট ত হাজিৰ কৰোৱা হয় ।

অধিক খবৰৰ বাবে পঢ়ক: চহৰ পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰ মিউনিচিপ্যাল বোৰ্ড ৰ নতুন পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক:Frozen Planet inaugurated in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি