Begin typing your search above and press return to search.

দুৰ্গা পূজাৰ কাৰণে যান বাহনৰ বিশেষ মেপ তৈয়াৰ ডিচিপি প্ৰশান্ত শইকীয়াৰ

দুৰ্গা পূজাৰ কাৰণে যান বাহনৰ বিশেষ মেপ তৈয়াৰ ডিচিপি প্ৰশান্ত শইকীয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 8:46 AM GMT

আৰক্ষী উপায়ুক্ত প্ৰশান্ত শইকীয়াই কয় যে দুৰ্গাপূজাৰ সময়ত শিশু,ছাত্ৰ ছাত্ৰী,মহিলা আৰু জেষ্ঠ্য নাগৰিকসকলৰ সুৰক্ষিত কৰাৰ কাৰণে যান বাহন চলাচলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব। যিকোনো ধৰণৰ বাহন মহানগৰীত পূজাৰ সময়ত ১ বজাৰ পৰা ৪ বজালৈ জালুকবাৰী,গড়চুক, বেলতলা,হাতিগাঁও আৰু চান্দমাৰীত প্ৰবেশ কৰিব নোৱাৰিব ।

গনেশ মন্দিৰৰ ফালৰ পৰা ড° আৰ পি ৰডেদি এটা পথেই থাকিব ৷ লগতে জু ৰোডৰ পৰা গনেশ মন্দিৰলৈকে এই পথছোৱাত ন’ এন্ট্ৰি থাকিব ৷ বাহনসমূহ চাৰ্ভিজ ৰোড,জি এচ ৰোড আৰু চুপাৰ মাৰ্কেট হৈ অহা যোৱা কৰিব ৷পল্টন বজাৰৰ নেপালী মন্দিৰৰ পৰা চেৰাভাটিলৈ ন’ এন্ট্ৰি পান বজাৰৰ এম এছ ৰোডত ন’ এন্ট্ৰী৷খুবছান্দ পইন্টৰ পৰা ন’ এন্ট্ৰী থাকিব।

জালুকবাৰী আৰক্ষী থানাৰ সন্মুখৰ পথত ন’ এন্ট্ৰী ।ভৰলুমুখৰ কুমাৰ পাৰা পাঁচ আলিলৈ অহা পাঁচোটা পথতেই ন’ এন্ট্ৰী ৷ভৰলু মুখৰ পৰা এটি ৰোড আৰু শান্তি পুৰলৈ অহা পথত ন’ পাৰ্কিং। বশিষ্ঠ চাৰি আলিৰ পৰা এজি অফিচৰ বাইলেনলৈকে বাহন আহিব পাৰিব। ভেটাপাৰা চাৰি আলিৰ পৰা বেলতলা চাৰিআলিলঋ যাব নোৱাৰিব ৷

জয়া নগৰৰ পৰা কে ভি লৈকে গাড়ী পাৰ্কিং কৰিব পাৰিব ।অনুৰাধাৰ পৰা হাতীগড় চাৰিআলিলৈ ওৱান ৱে ৷ আনহাতে পূজাৰ কেইদিন নামনি অসমৰ পৰা অহা বাছসমূহ মাছখোৱাৰ পৰিৱৰ্তে আইএচবিটিলৈ যাব । পূজাত বাহনসমূহৰ পাৰ্কিং ব্যৱস্থাক লৈ এচিপিৰ মন্তব্য যে আমি পূজা কমিটীসমূহক যান বাহনৰ ক্ষেত্ৰত কৰা নিয়ম সমূহ পালন কৰিবলৈ অনুৰোধ কৰিছো । পূজা পেণ্ডেলৰ ৫০০ মিটাৰৰ ভিতৰত কোনো বাহন ৰখোৱাৰ নিষেধাজ্ঞ আৰোপ কৰা হৈছে ৷ ইফালে পূজাৰ সময়ত সুৰা পান কৰাসকলৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা ল’ব মহানগৰী আৰক্ষীযে।

লগতে পথত দুৰ্গা পূজাৰ পেন্দেল দি যাত্ৰীসকলৰ অহা যোৱা কৰাত বাধা নিদিবলৈ আহ্বান কৰে। আনহাতে দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মসমূহ মানি চলে তাৰ প্ৰতি পূজা কমিটীসমূহক লক্ষ্য ৰাখিবলৈ আহ্বান কৰে উপায়ুক্তই। উল্লেখ্য যে সভাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে দুৰ্গা পূজা উৎযাপন কৰিবলৈ কয়।

অন্য খবৰৰ বাবে পঢ়ক: দুৰ্গা পূজা ৰ কাৰণে বিদ্যুত বিভাগৰ দিশ নিৰ্দেশ

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandrayan-II based theme at Guwahati’s Noonmati Sector 2

Next Story
চাকৰি