Begin typing your search above and press return to search.

ক’ৱিড-১৯: কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বৃদ্ধি কৰিলে আয়কৰ জমা দিয়াৰ সময়সীমা

ক’ৱিড-১৯: কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বৃদ্ধি কৰিলে আয়কৰ জমা দিয়াৰ সময়সীমা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 12:10 PM GMT

ক’ৱিড-১৯: কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বৃদ্ধি কৰিলে আয়কৰ জমা দিয়াৰ সময়সীমা । দেশত ক্ৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ৰ’না মহামাৰীয়ে। ভাৰতকে ধৰি বিশ্বৰ ক্ৰমেও ১৮০খন দেশ এই মহামাৰীৰ গ্ৰাসত । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে বিভিন্ন ব্যৱস্থা হাতত লৈছে।

ইয়াৰ মাজতেই সংবাদ মাধ্যমৰ আগত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰী গৰাকীয়ে সদৰী কৰা অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আয়কৰ পৰিশোধৰ সময় ৩১ জুন ধাৰ্য কৰা হৈছে।

তদুপৰি আন বহু কেইটা সিদ্ধান্ত ঘোষণা কৰে বিত্ত মন্ত্ৰী সীতাৰমণে। তেওঁ কৰা ঘোষণা অনুসৰি যিবোৰ কোম্পানীৰ বাৰ্ষিক উপাৰ্জন ৫কোটি টকাৰ কম সেইসকলে আয়কৰ পলমকৈ পৰিশোধ কৰিলেও কোনো জৰিমনা ভৰিব নালাগে। কম হ’ব সুদৰ হাৰো। পূৰ্বে পলমকৈ কৰ পৰিশোধ কৰিলে সুদ লোৱা হৈছিল ১৯শতাংশ। এতিয়া সেয়া হ্ৰাস কৰি ৯শতাংশ কৰা হৈছে।

ইয়াৰ লগতে আধাৰ- পেন কাৰ্ড সংযোজন শেষ তাৰিখ ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে আধাৰ-পেন কাৰ্ড সংযোজনৰ অন্তিম তাৰিখ আছিল ৩১ মাৰ্চ । তদুপৰি এপ্ৰিল-জুন মাহৰ জি এছ টি জুন মাহত দিব পাৰিব । মাৰ্চ-মে' মাহৰ জি এছ টিও জুনত দিব পাৰিব । কোনো লোকে জি এছ টি জমা কৰাত পলম হ'লে তাৰ বাবদ কোনো জৰিমনা দিব নালাগে ।

উল্লেখ্য যে বিশ্বৰ লগতে ভাৰততো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৱিড-১৯ সংক্ৰমণৰ ঘটনা । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি মঙলবাৰে পুনৰ দেশবাসীক উদ্দেশ্যি বিশেষ ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ক’ৰ’না মহামাৰী সম্পৰ্কত দেশবাসীক উদ্দেশ্যি প্ৰথমটো ভাষণ দিছিল। আজি পুনৰ তেওঁ নিশা আঠ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। টুইটাৰ একাউণ্টৰ জৰিয়তে এই কৰা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: দেশৰ আন প্ৰান্তত উত্তৰ-পূবৰ লোকক হাৰাশাস্তিঃ কঠোৰ ব্যৱস্থা গ্ৰহণৰ‌ নিৰ্দেশ কেন্দ্ৰৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি