ৰাজ্যৰ বান আৰু ভুমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

ৰাজ্যৰ বান আৰু ভুমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

ৰাজ্যৰ বানৰ বিভীষিকা আৰু ভূমিস্খলনত মৃত্যু হোৱা হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে । বুধবাৰলৈকে বিগত ২৪ ঘন্টাত বানত মৃত্যু হৈছে ১০ জন লোকৰ ৷ ২৯ খন জিলাৰ ১১৪ টা ৰাজহ চক্ৰৰ ৪৬২৬ গাঁৱত প্ৰায় ৫৭,৫১,৯৩৮ জন লোক বানত প্ৰভাৱিত হৈছে। কেন্দ্ৰীয় জল আয়োগৰ অনুসৰি ৩১ বছৰৰ পিছত ব্ৰহ্মপুত্ৰই ধুবুৰীত বিয়লি ৬ বজাত ৩০.৩৬ মিটাৰ ওপৰলৈ জলস্তৰ বৃদ্ধি পাইছে।

ইফালে ১৯৮৮ চনৰ ২৯ আগষ্ট’ত ব্ৰহ্মপুত্ৰৰ পানী এনেধৰণে বৃদ্ধি পাইছিল ৷ইফালে ধুবুৰীত সম্প্ৰতি জলস্তৰত বৃদ্ধি হৈ আছে ২৭.৬২ মিটাৰ ৷ ইয়াৰ বিপৰীতে ২৮.৬২ মিটাৰ বৃদ্ধি পালেই ধুবুৰীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । ইফালে উজনি অসমত আৰু বৰাকত জলস্তৰ কিছুপৰিমাণে হ্ৰাস হৈছে যদিও নামনি অসমৰ পৰিস্থিতি এতিয়াও পৰিৱৰ্তন হোৱা নাই ৷অৱশ্যে ব্ৰহ্মপুত্ৰ আৰু বৰাক তথা অন্যান্য কিছুমান ঠাইত নদীৰ জলস্তৰ এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

বুধবাৰে বানপানীত মৃত্যু হোৱা লোকসকলৰ চাৰিজন লোকৰ ভিতৰত মৰিগাঁৱ জিলাৰ ভূৰাগাঁৱত দুজন ,এজন মৰিগাঁও আৰু এজন লাহৰিঘাটৰ আছিল৷ শোনিতপুৰত দুজন,ওডালগুৰিত দুজন আৰু কামৰূপ আৰু নগাঁৱৰ ৰহাত এজনকৈ মৃত্য হৈছে ৷ আনহাতে বিপদসমীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,শোনিতপুৰ,তেজপুৰ,গুৱাহাটী, কামৰূপ,গোলাঘাটৰ নুমলীগড়ত ধনশিৰী,শোনিতপুৰত জিয়া ভৰালী,কামৰূপত কপিলী আৰু নগাঁওত ধৰমতুল,কামৰূপত পুঁথিমাৰি,বৰপেটাত বেকী,হাইলাকান্দিত কাটাখাল আৰু কৰিমগঞ্জত কুঁশিয়াৰ আদি ৷

অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ তথ্য অনুসৰি ৮১৯ টা শিবিৰত ১,৫১,৯৪৭ জন লোক আশ্ৰয় লৈ আছে। প্ৰায় ২৪৬ টা ঘৰ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে ৪৫৯ টা ঘৰ আংশিকভাৱেহে ক্ষতিগ্ৰস্ত হৈ আছে ৷বানত প্ৰভাৱিত কৃষি ভূমিৰ পৰিমাণ হৈছে ১,৭১,৩১২.১২ হেক্টৰ ৷দ্বিতীয়তে ২৩,৫৮,২০১ জন্তু আৰু ২১,৭৮,৯৭০ টা মুৰ্গী বানত প্ৰভাৱিত হৈছে ৷

বুধবাৰলৈকে বানে বিধ্বস্ত কৰা জিলাসমূহৰ ভিতৰত আছে ধেমাজী,লখীমপুৰ,বিশ্বনাথ,শোনিতপুৰ,দৰং, ওডালগুৰি,বাক্সা, বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও, হোজাই,গোলাঘাট, মাজুলী,যোৰহাট, শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ,কাৰ্বি আংলং আৰু কৰিমগঞ্জ আদি ৷ ইফালে বানত বহু ঠাইত মথাউৰি,দলং,পথ ক্ষতিগ্ৰস্ত হৈছে। বানত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে সেনা,এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ অভিযান অব্যাহত আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com