Begin typing your search above and press return to search.

তৰুণ গগৈৰ সুৰক্ষা হ্ৰাস কৰাক লৈ চৰকাৰক কঠোৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ

তৰুণ গগৈৰ সুৰক্ষা হ্ৰাস কৰাক লৈ চৰকাৰক কঠোৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jan 2020 12:54 PM GMT

তৰুণ গগৈৰ সুৰক্ষা হ্ৰাস কৰাক লৈ চৰকাৰক কঠোৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ । অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰা দেখা যায়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰাপত্তা জেদ কৰি দিয়া হৈছে । জেহ প্লাচৰ পৰা জেদ কৰি দিয়া সিদ্ধান্তৰ কঠোৰ সমালোচনা নেতা দেৱব্ৰত শইকীয়াৰ ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰা এক পত্ৰত নাজিৰাৰ বিধায়ক জনে বৰ্তমানৰ চৰকাৰক নিন্দনীয় বুলি অভিহিত কৰে লগতে যি সকলে বিজেপিৰ আলোচনা কৰিছে সেই সকলৰ নিৰাপত্তা আতৰাই দিয়া বুলি অভিযোগ উত্থাপন কৰে ।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি দেৱব্ৰত শইকীয়াই পত্ৰত উল্লেখ কৰে যে, " গগৈ বৰ্তমান চৰকাৰৰ টাৰ্গটত আছে কিয়নো তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে। মই বিজেপি শাসনাধিষ্ট কেন্দ্ৰ চৰকাৰ খনক পুণৰ সিদ্ধান্তটো বিচাৰ কৰিবলৈ আৰু জেহ প্লাচ নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনালোঁ" ।

শইকীয়াই পূৰ্বৱৰ্তী উদাহৰণ সমূহ উল্লেখ কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ইউ পি এৰ অধ্যক্ষ আৰু এ আই চি চি ৰ সভাপতি ছোনীয়া গান্ধী ,সাংসদ ৰাহুল গান্ধী , আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ নিৰাপত্তা হ্ৰাস কৰা হৈছিল ।

ঠিক একেদৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো নিৰাপত্তা হ্ৰাস কৰি জেদ কৰি দিয়া হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত মই দাড়ি নাকাটো- জুবিন গাৰ্গ

ভিডিঅ প্ৰতক্ষ্য কৰক: Minister of State for Education Smt. Vibhavariben Dave addresses Academia in Guwahati.

Next Story
চাকৰি