Begin typing your search above and press return to search.

অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে স্বীকৃতি দিবলৈ আহ্বান অসম সংগ্ৰামী মঞ্চৰ

অসমৰ বান পৰিস্থিতিক  ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে স্বীকৃতি দিবলৈ আহ্বান অসম সংগ্ৰামী মঞ্চৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 July 2019 10:24 AM GMT

অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ আহ্বান কৰিছে অসম সংগ্ৰামী মঞ্চই ৷ শনিবাৰে অসম সংগ্ৰামী মঞ্চই এক সংবাদ বিবৃত্তি যোগে এই মন্তব্য কৰে ৷ ইফালে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি মন্তব্য কৰিছিল ৷এই সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চই অসমৰ বানপানী সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি প্ৰশ্ন কৰে।

অসম সংগ্ৰামী মঞ্চই কয় যে ১৮৯৭ চনৰ পৰা ১২২ বছৰ অসমৰ লোকসকলৰ প্ৰলয়ংকাৰী বানৰ সন্মুখীন হৈ আহিছে ৷ৰাজ্যত ৩৯.৫৮ শতাংশ ভুমি বানৰ কবলত পৰে। গতিকে এয়া স্পষ্ট কথা যে বানৰ ক্ষেত্ৰত অসমৰ পৰিস্থিতি অতি ভয়ংকৰ ৷এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদিপ ফুকনৰ ৷ প্ৰত্যেক বছৰে অসমত বান প্ৰলয়ংকৰী ৰূপত আহে ৷ ইয়াত ৩০৯৩ জন লোক,৬৭৯৫৭৮ টা জীৱ জন্তুয়ে নিজৰ জীৱন বানত প্ৰাণ ত্যাগ কৰে ৷

১৯৫৩ চনৰ পৰা ২০১৭ চনলৈকে বানত ৪৩৯৩১২ টা ঘৰ ব্ৰহ্মপুত্ৰৰ পানীত জাহ গৈছে ৷ বৃহত্তৰ নদী দ্বীপ মাজুলীত ১৯৫১ চনত ভূমি আছিল ৯৩০৭১২ বীঘা, ৩ কঠা আৰু ৪ লোছা ৷কিন্তু ২০১৭ চনত ইয়াৰ পৰিমাণ হয়গৈ ৫২৫২৩৬ বীঘা ১২ লোচা ৷গতিকে বানে অসমৰ ভূমি,ধন,জন সকলো নষ্ট হোৱাৰ পিছতো কেনেকৈ ৰাষ্ট্ৰীয় সমস্যা নহয় সেইয়া এক বৃহৎ প্ৰশ্ন ৷ আনহাতে নদীত দিয়া বান্ধসমূহৰ বিষয়ে উল্লেখ কৰি মঞ্চই কয় যে গৰাখহনীয়া ৰোধ কৰিবলৈ নদী বান্ধ সমূহৰ নিৰ্মাণ ১৯৫১ চনৰ পৰা আৰম্ভ হৈছিল৷যদিও সেই সমূহৰ অৱস্থা শোচনীয়৷বান্ধ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে নাবাৰ্ড আৰু এছিয়ান বেংকৰ পৰা ঋণ লৈছিল ৷যদিও অসমৰ অৱস্থা এতিয়াও শোচনীয় ৷

কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি জল সম্পদ বিভাগক ধন আৱন্টিত কৰিছে যদিও বিভাগে সেই ধন উপযুক্তভাৱে ব্যয় কৰিবলৈ অসমৰ্থ হৈছে ৷বিত্তীয় বৰ্ষ ২০১৫-১৬,২০১৬-১৭ আৰু ২০১৭-১৮ আঁচনি অনুসৰি বাজেটত ২২৫.৪ কোটি টকাৰ আৱন্টিত কৰা হৈছিল ৷কিন্তু ৫৯.৮৬ কোটি টকাহে ব্যয় কৰা হ’ল। ইয়াৰ লগতে বাৰিষাৰ সময়ত নাবাৰ্ডৰ দৰে সংস্থাই ৫৬২কোটি টকা আৱন্টিত কৰা হৈছিল যদিও জল সম্পদ বিভাগে কেৱল ৩০৫ কোটি টকাহে ব্যয় কৰিছিল ৷এন ই চিয়ে ১৯.৫৬ কোটি টকা আৱন্টিত কৰিছিল৷যদিও কেৱল ৪.৭৫ কোটি টকাহে ব্যয় কৰিছিল ৷

এনএলঅ’পিআৰে ৬.৮৬ কোটি টকা আৱন্টিত কৰিছিল যদিও ব্যয় হয় ৯৭ লাখ টকা ৷ইফালে এয়া কোনো নতুন তথ্য নহয় ৷এনে ধৰণৰ আৰু অধিক তথ্যৰ কথা ব্যক্ত কৰে অদিপ ফুকনে ৷উল্লেখ্য অসম সংগ্ৰামী মঞ্চই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক এখন আঁচনি তৈয়াৰ কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে ৷লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শাসনলৈ আঁহোতে ৰাজ্যত সুৰক্ষা সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল ৷ গতিকে অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰিবলৈ আহ্বান কৰে অসম সংগ্ৰামী মঞ্চই ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যত বানৰ তাণ্ডৱ:বিপদ সীমাৰ ওপৰেৰে বৈছে নদী

Next Story
চাকৰি