ৰাজ্যত বানৰ তাণ্ডৱ:বিপদ সীমাৰ ওপৰেৰে বৈছে নদী

ৰাজ্যত বানৰ তাণ্ডৱ:বিপদ সীমাৰ ওপৰেৰে বৈছে নদী

ৰাজ্যত সম্প্ৰতি বানে জনসাধাৰণক ত্ৰাহি মধুসূদন দেখুৱাইছে ৷ বিগত ২৪ ঘন্টাত ধেমাজী জিলাত এজন লোকৰ বানে প্ৰাণ হানি কৰিছে ৷ বানপানীয়ে সম্প্ৰতি ২৫ খন জিলাৰ ৮০ খন ৰাজহ চক্ৰৰ ২১৬৮ খন গাঁৱৰ ১৪,০৬,৭১ জন লোকক প্ৰভাৱিত কৰিছে ৷

বানত সকলোতকৈ অধিক প্লাবিত হোৱা জিলা কেইখন হৈছে ধেমাজী,লক্ষীমপুৰ, বিশ্বনাথ,শোনিতপুৰ,দৰং, বাক্সা,বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁৱ, কোকৰাঝাৰ,গোৱালপাৰা, মৰিগাঁও,হোজাই,নগাঁও,গোলাঘাট,মাজুলী, যোৰহাট,শিৱসাগৰ, ডিব্ৰুগড়,কাৰ্বিং আংলং,কাছাৰ,কামৰূপ,ধুবুৰী আৰু তিনিচুকীয়া৷ বানে বেছিকৈ প্লাৱিত কৰা জিলা কেইখনৰ বিষয়ে এই তথ্য দিছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

ইফালে বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীকেইখনৰ ভিতৰত আছে যোৰহাট,শোনিতপুৰ, কামৰূপ,গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ত বুঢ়ী দিহিং,লক্ষীমপুৰত সোৱণশিৰি,গোলাঘাটত ধনশিৰি,শোনিতপুৰত জিয়া ভৰালী,নগাঁৱত কপিলী,কামৰূপত পুঁথিমাৰী,বৰপেটাত বেকী,কাছাৰ আৰু কৰিমগঞ্জত বৰাক,কৰিমগঞ্জত কুশিয়াৰা,হাইকান্দিত কাটাখাল নদী ৷ এনডিআৰএফ আৰু এচডিআৰএফে ৰাজ্যত বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷

অন্যহাতে বিশ্বনাথ,শোনিতপুৰ, বাক্সা,নলবাৰী,চিৰাংগ,বঙাইগাঁৱ,কোকৰাঝাৰ,ধুবুৰী,হোজাই,গোলাঘাট,মাজুলী,যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ৬২ টা আশ্ৰয় শিবিৰত ২০,০৪৭ জন বানাক্ৰান্ত লোক আছে। ইফালে বিগত দিনকেইটাত হোৱা ধাৰাষাৰ বৰষূণৰ কাৰণে বাক্সা জিলাৰ বালীপুৰ চাৰ গাঁৱত বেকী নদীয়ে তাণ্ডৱ চলাইছে ৷

বাক্সাৰ উপায়ুক্তই সেনাৰ এটি দলক বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে আহ্বান কৰিছে ৷ এচডিআৰএফৰ দলৰ লোক আৰু প্ৰশাসনৰ লোক একত্ৰিত হৈ বানত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি ওদালগুৰি গাঁৱৰ আশ্ৰয় শিবিৰলৈ লোকসকলক স্থানান্তৰিত কৰে ৷পি আইবিৰ মন্তব্য অনুসৰি সম্প্ৰতি ৫৫ গৰাকী মহিলা,৪০ জন পুৰুষ,২৫ জন বৃদ্ধ আৰু ৩০ জন শিশুৰ লগতে প্ৰায় ১৫০ জন গাঁৱৰ বাসিন্দাক উদ্ধাৰ কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com