এনআৰচিত বাংলাদেশী অন্তৰ্ভূক্তি সন্দৰ্ভত এপিডব্লিউৰ প্ৰতিক্ৰিয়া

এনআৰচিত বাংলাদেশী অন্তৰ্ভূক্তি সন্দৰ্ভত এপিডব্লিউৰ প্ৰতিক্ৰিয়া

অসম পাব্লিক ৱকাৰ্চ (Assam Public works )য়ে মংগলবাৰে অভিযোগ কৰে যে চূড়ান্ত এনআৰচিত প্ৰথমতেই বাংলাদেশী বুলি চিনাক্ত কৰা লোকসকলৰ নাম অন্তৰ্ভূক্তি হৈছে ৷ অসম পাব্লিক ৱকাৰ্চে এক সংবাদ বিবৃত্তি যোগে প্ৰকাশ কৰে যে যিসকল লোকক প্ৰথমতেই বাংলাদেশী বুলি চিনাক্ত কৰা হ’ল আৰু ঘোষণা কৰা হ’ল তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নাম চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰা হৈছে ৷এইয়া এক চিন্তাৰ বিষয়।

ইয়াৰ বিপৰীতে ভূমিপুত্ৰ সকলে এনআৰচিত নিজৰ নাম অন্তভূক্তি কৰিবলৈ সংঘৰ্ষ কৰি আছে। স্বদেশী লোকসকলে নিজৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণলৈ যাব লগা হৈছে। যিসকল অবৈধ লোকক এনআৰচিত অন্তভূক্ত কৰিলে তেওঁলোকে ৰাজ্যত ধৰ্ম তথা সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিব পাৰে বুলিও সংবাদ বিজ্ঞপ্তিটোত আশংকা কৰা হৈছে ।গতিকে এনআৰচি সন্দৰ্ভত এক তদন্তৰ প্ৰয়োজন। লগতে এপিডব্লিউৱে এনফৰ্চমেন্ট ডাইৰেক্ট’ৰেটক এনআৰচি বিত্তীয় বিসংগতি সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান কৰে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই

অন্য খবৰৰ বাবে পঢ়ক:BJP State President Ranjeet Dass celebrates PM Modi's birthday

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com