Begin typing your search above and press return to search.

বিজনেচ অফ ফেশ্যন ৫০০ তালিকাত ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী দিপীকা পাডুকন

বিজনেচ অফ ফেশ্যন ৫০০ তালিকাত ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী দিপীকা পাডুকন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 11:01 AM GMT

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে লাভ কৰিছে এক বিশেষ সফলতা৷ দীপিকা পাডুকনে লাভ কৰিছে বিজনেছ অফ ফেশ্যন এণ্ড হাইলাইট্চ ৫০০ য়ে গ্ল’বেল ফেশ্যন ইণ্ডাষ্ট্ৰীত দিয়া যোগদানৰ কাৰণে নিৰ্বাচিত কৰিছে। কান্স ছবি মহোৎসৱত নিজৰ পোচাকেৰে সকলোৰে মাজত যাদুৰ সৃষ্টি কৰা দীপিকা পাডুকনে ইয়াৰ পূৰ্বতে ২০১৮ চনত ১০০ গৰাকী প্ৰতিভাশালী লোকৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয় ।

https://www.instagram.com/p/BxkdpVsApkz/

বিজনেছ অৱ ফেশ্যন ইণ্ডাষ্ট্ৰী হৈছে বিশ্বৰ এটা আগশাৰী ফেশ্যন প্ৰতিষ্ঠান ৷ এই ফেশ্যন প্ৰতিষ্ঠানৰ সদস্য সকলে বহু অভিনেতা অভিনেত্ৰীৰ প্ৰফাইল চাই ফেশ্যন পৃথিৱীত সেই সকল ষ্টাৰৰ অৱদান আদি বিশ্লেষণ কৰি নিৰ্বাচিত কৰে । বিঅ’এফে নিজৰ ৱেবচৰইটত ফেশ্যন আইকনৰ জীৱনৰ তথ্য দিয়ে ।লগতে কাঁ ছবি মহোৎসৱত দিপীকা পাডুকনে পৰিধান কৰা পোচাকৰ লগতে এগৰাকী ফেশ্যন আইকন হোৱাৰ কথাও উল্লেখ কৰে। ইফালে দীপিকা সকলোতকৈ অধিক উপাৰ্জন কৰা অভিনেত্ৰী হিছাপেও প্ৰফাইলত পৰিচয় দিয়া হৈছে ।

https://www.instagram.com/p/Bxkz7QZAuo0/

সদ্যহতে দিপীকা পাডুকনৰ অনুৰাগীসকল অভিনেত্ৰী গৰাকীক চাবলৈ এতিয়াও উৎসুক হৈ আছে ৷ ইফালে ছপাক ছবিৰ দৃশ্যগ্ৰহণ হৈছিল দিল্লীত ৷ সেয়েহে দীপিকা পাদুকনক চাবলৈ দৃশ্যগ্ৰহণ স্থলীত ভিৰ কৰিছিল অনুৰাগীসকলে। এক বিশেষ তথ্য অনুসৰি নিৰ্মাতাসকলে সম্প্ৰতি দিল্লীত দৃশ্য গ্ৰহণ কৰাৰ পিছত নয়ডাত দৃশ্যগ্ৰহণ কৰাৰ কাৰণে গমন কৰিছিল ৷ ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ সম্প্ৰতি লক্ষ্মী আগৰৱালে এচিড আক্ৰমণৰ সন্মুখীন হোৱা সকলৰ হৈ কাম কৰাৰ লগতে,আৰু যাতে এনে ধৰণৰ ঘটনা আৰু সংঘটিত নহয় তাৰ প্ৰতি সজাগ সৃষ্টি কৰে ৷

https://www.instagram.com/p/Bxkdn0jA9H-/

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সদ্য বিবাহিত অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰনবীৰ কাপুৰ দুয়ো একেলগে ছবিত অভিনয় কৰাৰ প্ৰস্তুতি কৰিছে।দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰে অভিনয় কৰিব লগীয়া ছবিখন পৰিচালনা কৰিব অনুৰাগ বাসয়ে ৷অনুৰাগ বাসুয়ে সম্প্ৰতি দুয়ো গৰাকী অভিনেতাৰ মতামতলৈ অপেক্ষা কৰি আছে ৷ ইফালে ৰনবীৰ কাপুৰে অনুৰাগ বাসুৰ জগ্গা জাছুছ আৰু বৰ্ফি ছবিত অভিনয় কৰিছিল ৷ কিন্তু দীপিকা পাডুকন প্ৰথমবাৰৰ কাৰণে অনুৰাগ বাসুৰ ছবিত অভিনয় কৰিব ৷ দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰক একেলগে শেষবাৰৰ কাৰণে ইমতিয়াজ আলীৰ তামাশা ছবিত দেখা গৈছিল।

অন্য খবৰৰ বাবে পঢ়ক: অক্ষয় কুমাৰৰ লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰ মুকলি: উৎসুক অনুৰাগী

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandmari Rajahuwa Puja Samiti, Guwahati

Next Story
চাকৰি