অক্ষয় কুমাৰৰ লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰ মুকলি: উৎসুক অনুৰাগী

অক্ষয় কুমাৰৰ লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰ মুকলি: উৎসুক অনুৰাগী

অক্ষয় কুমাৰ অনাগত সময়ত আহিব লগীয়া ছবি লক্ষ্মী বম্বৰ ফাষ্ট প’ষ্টাৰ শ্বেয়াৰ কৰিছে। এই প’ষ্টাৰ খনত অক্ষয় কুমাৰক মা দুৰ্গাৰ সন্মুখত ৰঙা চকুৰে কিন্নৰৰ ৰূপত দেখা গৈছে ।উল্লেখ্য যে এই ছবিখন হৈছে তামিল ছবি "কাঞ্চনা"ৰ ৰিমেক। অক্ষয় কুমাৰে লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰখন শ্বেয়াৰ কৰি লিখিছে যে নৱৰাত্ৰীৰ শুভ ক্ষণত মই আপোনালোকৰ মাজত লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰ শ্বেয়াৰ কৰিছো ।

মই এই চৰিত্ৰটোৰ কাৰণে যথেষ্ট উৎসাহী । কিন্তু আমি আমাৰ কমফৰ্ট জনৰ পৰা বাহিৰলৈ আঁহোতেই জীৱন আৰম্ভ হয়। আনহাতে লক্ষ্মী বম্ব ৰাঘৱ লৰেন্সৰ ছবি কাঞ্চনাৰ ৰিমেক ৷ ছবি খনত অক্ষয় কুমাৰৰ ওপৰিও কিয়াৰা আডৱানিয়ে অভিনয় কৰিব। এই ছবিখনে মুক্তি লাভ কৰিব ২০২০ চনৰ ৫ জুনত।

আনহাতে সম্প্ৰতি মুক্তি পাইছে অক্ষয় কুমাৰৰ হাউচ ফুল ট্ৰেইলৰ ৷শুক্ৰবাৰে মুক্তি পোৱা হাউছফুল ৪ ৰ পৰিচালক ফাৰহাদড চমজি ৷ হাউচফুল ৪ পুনৰ জনমৰ কাহিনীৰ ওপৰত আধাৰিত ৷ ছবি খন দুটা পৃথক পৃথক সময়ক দেখুওৱা হৈছে। দীৱালীত মুক্তি পোৱা ছবিখনত অক্ষয় কুমাৰৰ ওপৰিও কৃতি চানন,ববী দেওল,ৰিতেশ দেশমুখ,পূজা হেগৰে,চাংকি পাণ্ডে আৰু বোমন ইৰাণীয়ে অভিনয় কৰিছে ।

প্ৰযোজক চাজিদ নাডিয়াৱালাৰ মন্তব্য অনুসৰি হাউচফুল ৪ বিগ বাজেটৰ ছবি। ছবিখনত ৭৫ কোটি টকা ব্যয় হৈছে ৷ ২০১০ চনত মুক্তি পোৱা হাউচ ফুল ফেন্সাইজীৰ হাউচফুল ৪ চতুৰ্থ নম্বৰৰ ছবি ৷ছবিখনৰ দুটা অংশ চাজিড নাডিৱালাই পৰিচালনা কৰিছিল ৷হাউচফুল ৩ ও চাজিদ ফৰহাদে পৰিচালনা কৰিছিল ৷ হাউচ ফুল ৪ ক চাজিদ খানে পৰিচালনা কৰিব বুলি খবৰ আহিছিল ৷ কিন্তু বিগত বছৰত মী টুত সাজিদ খানৰ নাম জৰিত হৈ পৰাত ফৰহাদ সমজীয়ে হাউচফুল ৪ ৰ দায়িত্ব লয়।

আনহাতে অক্ষয় কুমাৰৰ লগত হোৱা এটি সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে অভিনয় জীৱনৰ সাফল্যৰ কাৰণে সংবাদ মাধ্যম,অনুৰাগী সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অভিনেতাগৰাকীৰ সদ্য চৰ্চিত ছবি মিশ্যন মংগল,হাউচফুল ৪,গুড নিউজ,সূৰ্যবংশী আৰু লক্মী বম্ব আদিৰ দৰে ছবিৰ জৰিয়তে বলীউডৰ ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে অক্ষয় কুমাৰ৷

ইফালে সাক্ষাৎকাৰটোত অক্ষয় কুমাৰ কিয় অনতি পলমে বলীউডৰ ছবিৰ পৰা বিদায় লোৱা নাই ৷ লগতে বলীউডত লাভ কৰা ইমান সাফল্যৰ পিছতো কিয় হলীউডৰ ছবিত অভিনয় কৰিব বিচৰা নাই সেই সম্পৰ্কে প্ৰকাশ কৰে ৷ অক্ষয় কুমাৰৰ ছবিসমূহে কেৱল যে প্ৰেৰণা দিয়ে এনে নহয় ৷তেওঁৰ ছবিসমূহে সকলো অনুৰাগীকে মনোৰঞ্জন প্ৰদান কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Ground Reality of Swachha Bharat Abhijan at Lumding Colony

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com