মায়াৰ মায়া জালেৰে বন্দী কৰিবলৈ আকৌ সৰু পৰ্দাত জেনিফাৰ উইংগেট

মায়াৰ মায়া জালেৰে বন্দী কৰিবলৈ আকৌ সৰু পৰ্দাত জেনিফাৰ উইংগেট। সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক Beyhadh 2 উভতি আহিছে পুনৰ জেনিফাৰ উইংগেট । মায়াৰ চৰিত্ৰৰ মায়ায়ে দৰ্শকক পুনৰ আকৰ্ষণ কৰিবলৈ আহি আছে Beyhadh২ ৷ অভিনেত্ৰী গৰাকীয়ে ইতিমধ্যে অনুৰাগীসকলৰ লগত Beyhadh২ ৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইফালে অনুৰাগীসকলৰ মাজত বিয়পি থকা অসংখ্য প্ৰশ্নৰ উত্তৰ দিব জেনিফাৰ উইংগেটে।
মায়াই ভিডিঅ’টি শ্বেয়াৰ কৰি লিখিছে যে মায়া সম্প্ৰতি অধিক গভীৰ ৷ মায়া আহিছে এজেন্দা লগত ৷ মায়া সদায় সকলোৰে কেন্দ্ৰিত আছিল ৷ এতিয়াও থাকিব ৷ ইফালে মায়া চৰিত্ৰটোৰ বিষয়ে অভিনেত্ৰী জেনিফাৰ উইংগেটে কয় যে মই আপোনালোক সকলোৰে লগত এই ভিডিঅ’টি শ্বেয়াৰ কৰিছো। মই আশা কৰিছো যে Beyhadh ৰ প্ৰথম দৃশ্য আপোনালোকে পচন্দ কৰিব। মই আশা কৰিছো সকলো লোকে ইতিবাচক সহাৰি ল’ব ৷আপোনালোকৰ কাৰণে মায়া আকৌ আহিছে।
[embed]https://youtu.be/MNlsX9S4AMY[/embed]
আনহাতে প্ৰচাৰ ভিডিঅ’টিত মায়াই হাতত এটা ঘড়ী লৈ এলাৰ্ম লগাই কৈছে যে কোনোবা বহু শান্তিত শুই আছে এই কথা ভাবিয়েই কেতিয়াবা টোপনি নাহে। ইয়াৰ পিছত মায়া শান্ত হৈ যায় আৰু ক্ৰমে ক্ৰমে মায়াৰ কথোপকথন কঠিন হৈ পৰে। উল্লেখ্য যে মায়া চৰিত্ৰটোত অভিনয় কৰিবৰ কাৰণে জেনিফাৰ উইংগেটৰ উৎসুকতাৰ কথাও প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে। কাৰণ সেই চৰিত্ৰটো জেনিফাৰৰ হৃদয়ত আছে। এই মন্তব্য অভিনেত্ৰী গৰাকীৰ ৷লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে মই সম্প্ৰতি আৰু পূৰ্বতে বহু চৰিত্ৰত অভিনয় কৰিছো যদিও পাগল মায়াৰ চৰিত্ৰত অভিনয় কৰি মই বহুত ভাল পাওঁ ৷বেহদৰ প্ৰথম খণ্ডত মায়া আছিল প্ৰেমৰ কাৰণে পাগল ৷গতিকে Beyhadh ২ ৰ কাৰণে অধীৰ অপেক্ষা অনুৰাগী সকলৰ ৷
অন্য খবৰৰ বাবে পঢ়ক:থাইলেণ্ডত মৌনি ৰয়: ভিন্ন ধৰণৰ আলোকচিত্ৰই কপাঁইছে অনুৰাগীৰ হৃদয়: ফটো চাওঁক
ভিডিঅ প্ৰতক্ষ্য কৰক:Watch the artistic creations with Beer Bottles, Bamboos & Thermocols