সত্তে পে সত্তা ছবিত বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন: উৎসুক অনুৰাগী

সত্তে পে সত্তা ছবিত বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন: উৎসুক অনুৰাগী

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু ঋতিক ৰোশনক একেলগে দেখিবলৈ পোৱা যাব সত্তে পে সত্তা ছবিত ৷১৯৮০ চনত মুক্তি লাভ কৰা অমিতাভ বচ্চন আৰু হেমা মালিনীৰ ছবি সত্তে পে সত্তা ছবিখনৰ পুনৰ নিৰ্মাণক লৈ সম্প্ৰতি উৎসুকতা প্ৰদান কৰিছে অনুৰাগীসকলে ৷ ফাৰা খানৰ দ্বাৰা নিৰ্দেশিত আৰু ৰোহিত চেট্টী প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত সত্তে পে সত্তা ছবিখনৰ কাৰণে অনাগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা পৰিযোজনা আৰম্ভ হ’ব ৷

ৰোহিত চেট্টীয়ে ইতিমধ্যে ছ’চিয়েল মিডিয়াত লিখিছে যে ফাৰাহ খানৰ পৰিয়াললৈ স্বাগতম ৷একেলগে উৰিবলৈ সাজু হোৱা ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি দীপিকা পাডুকন ফাৰাহ খান আৰু ৰোহিত চেট্টী দুয়োজনৰ পছন্দ আছিল ৷ কাৰণ দীপিকা পাডুকন সত্তে পে সত্তাৰ কাৰণে একেবাৰে উপযুক্ত অভিনেত্ৰী ৷

https://www.instagram.com/p/BtkM29yhiMO/

ইফালে যেতিয়া দীপিকা পাডুকনক সত্তে পে সত্তাৰ কাহিনী ফাৰাহ খানে শুনাইছিল তেতিয়াই এই ছবিখনত অভিনয় কৰাক লৈ ইংগিত দিছিল দীপিকাই ৷অন্যহাতে দীপিকা পাডুকনে ইয়াৰ পূৰ্বতে ৰোহিত চেট্টীৰ ছুপাৰহিট ছবি চেন্নাই এক্সপ্ৰেছত অভিনয় কৰিছিল ৷ ইয়াৰোপৰি ফাৰাহ খানৰ ওম শান্তি ওমৰ জৰিয়তে দীপিকা বলীউডত ডেবিউ কৰিছিল ৷ ইফালে ঋতিক ৰোশন সম্প্ৰতি চৰ্চিত ছবি ছুপাৰ ৩০ ৰ প্ৰমোশ্যনত ব্যস্ত হৈ আছে ৷

ছবিখনত ঋতিক ৰোশনে পাটনাৰ এগৰাকে গণিতৰ শিক্ষকৰ ৰূপত অভিনয় কৰিছে ৷ আৰু ছবিখনত ঋত্বিকে আৰ্থিক ভাৱে পিছ পৰা লোকসকলৰ সন্তানক পঢ়াই। ইফালে ছুপাৰ ৩০ ছবিখনৰ ট্ৰেইলৰ মুক্তিৰ লগে লগে ছবিখনে আদৰ লাভ কৰে দৰ্শকসকলৰ পৰা ৷

লগতে দীপিকা পাডুকন ব্যস্ত আছে মেঘনা গুলজাৰৰ ছপাক ছবিত ৷লগতে ৮৩ ছবিখনতো দীপিকা পাডুকনে উল্লেখ্য ভূমিকা গ্ৰহণ কৰিছে ৷সত্তে পে সত্তা ছবিখনৰ বাকী চৰিত্ৰসমূহত কোন কোন অভিনেতাই অভিনয় কৰিব সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com