Begin typing your search above and press return to search.

দীপিকা পাডুকনে ৱাৰ ছবি চাই হৃত্বিক ৰোচনৰ কৰিলে প্ৰশংসা, অনুৰাগীয়ে কৰিলে দাবী

দীপিকা পাডুকনে ৱাৰ ছবি চাই হৃত্বিক ৰোচনৰ কৰিলে প্ৰশংসা, অনুৰাগীয়ে কৰিলে দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2019 10:59 AM GMT

দীপিকা পাডুকনে ৱাৰ ছবি চাই হৃত্বিক ৰোচনৰ কৰিলে প্ৰশংসা, অনুৰাগীয়ে কৰিলে দাবী । হৃত্বিক ৰোচন এজন জনপ্ৰিয় বলিউড অভিনেতা।‌ নিজৰ অভিনয়, এক্সন , নৃত্য আদিৰে বাৰে বাৰে দৰ্শকৰ মন জয় কৰে সকলোৰে প্ৰিয় হৃত্বিক ৰোচনে । যোৱা মাহত হৃত্বিক ৰোচনৰ ছবি ৱাৰ এ মুক্তি লাভ কৰিছিল। এই ছবি খনত হৃত্বিক ৰোচনৰ লগতে টাইগাৰ শ্ৰোফেও অভিনয় কৰিছিল । ছবি খনৰ এক্সন দৰ্শকে যথেষ্ট খিনি ভাল পাইছে । অৰ্থাৎ ছবি খনে দৰ্শকৰ যথেষ্ট খিনি সমাদাৰ লাভ কৰিছিল। এই ছবি খনে ৩০০ কোটি টকাতকৈও অধিক টকা উপাৰ্জন কৰিছিল। এই ছবি খন বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকনেও উপভোগ কৰিছে । তাৰ পিছতেই দীপিকা পাডুকনে অভিনেতা হৃত্বিক ৰোচনৰ যথেষ্ট প্ৰশংসা কৰে । লগে লগে দীপিকা পাডুকন আৰু হৃত্বিক ৰোচনৰ অনুৰাগীয়ে তেওঁলোকক এক বিশেষ দাবী কৰে ।

https://twitter.com/deepikapadukone/status/1201043016594722816

দৰাচলতে দীপিকা পাডুকনে হৃত্বিক ৰোচনৰ ৱাৰ ছবি উপভোগ কৰাৰ পিছত টুইটাৰ যোগে অভিনেতা গৰাকীৰ প্ৰশংসা কৰে । দীপিকা পাডুকনে হৃত্বিক ৰোচনৰ তুলনা ডেথ বাই চকলেটৰ লগত কৰে । তেওঁ লিখে যে, " হৃত্বিক ৰোচন ৱাৰ ছবি খনত একদম কাৰ্ণৰ হাউচৰ ডেথ বাই চকলেটৰ দৰে লাগিছে, মই মাত্ৰ কৈছোঁ" ।

https://twitter.com/MonaDarlingx/status/1201045941836369920

টুইটাৰত হৃত্বিক ৰোচনক কৰা প্ৰশংসাৰ পিছতেই পোষ্টটো ভাইৰেল হৈ পৰে। তাৰ পিছতেই তেওঁলোকৰ অনুৰাগী সকলে মন্তব্য প্ৰকাশ কৰে আৰু দীপিকা আৰু হৃত্বিকক এক বিশেষ দাবী কৰে।

অনুৰাগী সকলে দীপিকা আৰু হৃত্বিক একেলগে ছবিত কাম কৰাতো বিচাৰে । কিছুমানে কয় যে ছবি জগতৰ সকলোতকৈ ধুনীয়া ব্যক্তি দুজনে এতিয়া একেলগে ছবি কৰিব লাগে ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গম পোৱা গৈছে যে দীপিকা পাডুকন আৰু হৃত্বিক ৰোচন ১৯৮২ চনত মুক্তি লাভ কৰা অমিতাভ বচ্চনৰ ছবি সত্তে পে সত্তা নামৰ ছবি খনৰ নতুন সংস্কাৰত দেখিবলৈ পোৱা যাব ।

দৰ্শকে অতি আগ্ৰহেৰে ৰৈ আছে দীপিকা পাডুকন আৰু হৃত্বিক ৰোচনক একেলগে ডাঙৰ পৰ্দাত চাবৰ বাবে।

অন্য খবৰৰ বাবে পঢ়ক: দবং ৩ ৰ‌ সমালোচনাৰ ওপৰত মাত মাতিলে ছলমান খানে, কি কলে ছলমান খানে ?

ভিডিঅ প্ৰতক্ষ্য কৰক: Elephant calf found dead under mysterious condition in Digboi

Next Story
চাকৰি