Begin typing your search above and press return to search.

দবং ৩ ৰ‌ সমালোচনাৰ ওপৰত মাত মাতিলে ছলমান খানে, কি কলে ছলমান খানে ?

দবং ৩ ৰ‌ সমালোচনাৰ ওপৰত মাত মাতিলে ছলমান খানে, কি কলে ছলমান খানে ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2019 11:59 AM GMT

দবং ৩ ৰ‌ সমালোচনাৰ ওপৰত মাত মাতিলে ছলমান খানে, কি কলে ছলমান খানে ? ছলমান খানৰ দবং ৩ নামৰ ছবি খন অতি শীঘ্ৰেই মুক্তি লাভ কৰে । বৰ্তমান সময়ত অভিনেতা জন দবং ৩ ৰ প্ৰমোচনত ব্যস্ত‌‌ হৈ আছে।‌ তদুপৰি মুক্তিৰ পূৰ্বে ছবি খন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । ইয়াৰ ভিতৰত হুৰ হুৰ দবং গানটিৰ এক দৃশ্যাংশত ধাৰ্মিক ভাৱনাত আঘাত কৰাৰ আৰোপ লগোৱা হৈছে । ইয়াৰ ক্ষেত্ৰত অৱশেষত ছলমান খানে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ।

ছলমান খানে কয় যে ছবি জগতত এয়া এক ধাৰাবাহিক ঘটনা হৈছে যে যেতিয়াই কিবা এখন ডাঙৰ ছবি মুক্তি লাভ কৰে তাত বিবাদৰ সৃষ্টি কৰেয়েই । তদুপৰি ছবি খনৰ ক্ষেত্ৰত হোৱা বিবাদৰ বাবে চলমান খান অসন্তুষ্ট হৈছে ।

জানিব পৰা গৈছে যে দবং ৩ ৰ মুখ্য গীত হুৰ হুৰ দবং নামৰ গানটিৰ ক্ষেত্ৰত কেইটামান হিন্দু সংগঠনে আপত্তি দৰ্শাইছে। এই গানটোত কিছুমান সাধুই গান গাই নাছি গীতাৰ বজোৱা পৰিলক্ষিত হৈছে।

ছ'চিয়েল মিডিয়াত বহুতে ছবি খনৰ দৃশ্যত সমালোচনা কৰিছে । ছলমানে খানে শনিবাৰে ছবি খনৰ আন এটা গান মুন্না বদনামৰ মুক্তিৰ সময়ত তেওঁৰ ছবি খনৰ ওপৰত হোৱা বিবাদৰ ক্ষেত্ৰত কয় যে , ডাঙৰ ছবি মুক্তি লাভ কৰাৰ সময়ত কিবা নহয় কিবা ক্ষেত্ৰত বিবাদ কৰে। যি নহওক গম পোৱা গৈছে যে আমাৰ ছবি খন ডাঙৰ । ইয়াৰ বাবে চলমান খান আনন্দিত বুলি কয় ।

এই ছবি খন অহা ২০ ডিচেম্বৰত মুক্তি লাভ কৰিব। ভাৰতৰ বিভিন্ন ঠাইৰ ছবি গৃহত এই ছবি খন প্ৰদৰ্শিত কৰা হ'ব । এই ছবি খনত অভিনেত্ৰী সোনাক্ষী সিহ্নকো দেখা পোৱা যাব ।

অন্য খবৰৰ বাবে পঢ়ক: অক্ষয় কুমাৰৰ নতুন ছবিৰ ছুটিঙ সমাপ্ত, ছবি খনৰ ফটো টুইট কৰিলে অক্ষয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক: Chaotic Situation in Guwahati’s Last Gate, Protesters slams BJP Government over CAB

Next Story
চাকৰি