ক’ৰ’না ভাইৰাছৰ আতংকঃ ৰাজহুৱা সভা-সমিতি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি দিছপুৰৰ

ক’ৰ’না ভাইৰাছৰ আতংকঃ ৰাজহুৱা সভা-সমিতি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি দিছপুৰৰ

ক’ৰ’না ভাইৰাছৰ আতংকঃ ৰাজহুৱা সভা-সমিতি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি দিছপুৰৰ

অসম হৈ ভূটানলৈ যোৱা এজন মাৰ্কিন পৰ্যটক অলপতে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছত গা-লৰা দিছপুৰে এই মহাব্যাধি ৰোধৰ উদ্দেশ্য কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। হাঁচি-কাহ অথবা স্পৰ্শৰ দ্বাৰা সংক্ৰমিত হোৱা এই জটিল ৰোগৰ প্ৰাদুৰ্ভাব ৰোধৰ উদ্দেশ্য ৰাজহুৱা সমাবেশ বা সভা-সমিতি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰাজহুৱা সভা-সমাৱেশ স্থগিত ৰখাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো জিলাৰ উপায়ুক্তলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে। স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবে প্ৰেৰণ কৰা এই বাৰ্তাত উপায়ুক্তসকলক উদ্দেশ্য কোৱা হৈছে,"এই জৰুৰী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ জিলাত সকলো ৰাজহৱা সভা-সমাৱেশ স্থগিত ৰাখক"।একেদৰে ক’ৰ’না ভাইৰাছৰ সম্ভাব্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য বাৱস্থা গ্ৰহণ কৰিছে সমাজ কল্যাণ বিভাগেও। আগন্তক দিনত ৰাজ্যৰ ক’ত কিমান ৰাজহুৱা সভা-সমাৱেশৰ আয়োজন কৰা হৈছে, তাৰ তথ্য বিচাৰি সমাজ কল্যাণ বিভাগে সকলো জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰিছে।

তদুপৰি এনে সমাৱেশত অংশগ্ৰহণকাৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে অসম হৈ ভূটানলৈ যোৱা মাৰ্কিন পৰ্যটকজনৰ দেহত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ আতংক বিৰাজ কৰিছে। এই পৰ্যটকজনে যোৰহাট আৰু মাজুলীও ভ্ৰমণ কৰিছিল। ফলত জিলা দুখন সম্প্ৰতি ক’ৰ’না ভাইৰাছৰ আতংক ত্ৰস্ত হৈ আছে।ইতিমধ্যে দুয়োখন জিলাতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ দুনিশা কটোৱা যোৰহাটৰ ঠেঙাল মেনৰ ৰিজৰ্টৰ সকলো কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, গুৱাহাটীত থকাৰ সময়ছোৱাত বিদেশী পৰ্যটকজন ৰেডিছন ব্লু হোটেলত আছিল।

ইতিমধ্যে হোটেলখনৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইপিনে, তেজপুৰলৈ অহা ইটালীৰ এজন পৰ্যটক এই জটিল ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি তেওঁক সম্পূৰ্ণৰূপে চিকিত্সকৰ তত্বাৱধানত ৰাখিছে। যোৱা ছয় ফেব্ৰুৱাৰীৰ পৰা এই পৰ্যটকজনক হোটেলৰ কক্ষত অকলশৰীয়াকৈ ৰাখি স্বাস্থ্য পৰীক্ষা আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰি থকা হৈছে। এই কথা সদৰী কৰি স্বাস্থ্য বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, পৰ্যটকজনৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা কৰা গ্ৰহণ কৰা হৈছে যদিও তেওঁৰ দেহত সাধাৰণতে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ ক্ষেত্ৰত দেখা দিয়া সকলো লক্ষণ ফুটি উঠা নাই। তত্সত্বেও সাৱধানতামূলক ব্যৱস্থাৰ অংশৰূপে বিদেশী পৰ্যটকজনৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিষয়াজনে সদৰী কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰকঃ NDFB-S General Secretary B R Ferenga likely to join UPPL party soon

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com