Begin typing your search above and press return to search.

"টিক-তক" ভিডিঅ বনাবলৈ দিল্লীৰ ২০ বছৰীয়া যুৱকে কাঢ়িলে আই-ফোন

টিক-তক ভিডিঅ বনাবলৈ দিল্লীৰ ২০ বছৰীয়া যুৱকে কাঢ়িলে আই-ফোন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2019 11:41 AM GMT

বৰ্তমান আমি বসবাস কৰো ডিজিটেল যুগত । কিন্তু বৰ্তমান যুব প্ৰজন্ময়ে ডিজিটেল সামগ্ৰী সমূহৰ প্ৰতি ইমানে আকৰ্ষিত হৈছে যে তেওঁলোকে যিকোনো অপৰাধ কৰিবলৈ এবাৰো চিন্তা নকৰে। সমগ্ৰ বিশ্বতে তেনে ঘটনা যথেষ্ট বৃদ্ধি পাইছে । সেই অনুপাতে অপৰাধৰ সংখ্যাও বৃদ্ধি পাইছে । এন এক ঘটনা সংঘটিত হৈছে দিল্লীত ।

দিল্লী এজন যুৱকে কেৱল টিক-তক ভিডিঅ বনাবলৈকে আই-ফোন কাঢ়ি নিয়ে এজন ব্যক্তিৰ পৰা। এই ঘটনা সংঘটিত কৰাৰ পাছতে আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে, ২০ বছৰীয়া এজন যুৱকে কেৱল টিক-তকত ভিডিঅৰ কুৱালিটি উন্নত হব বাবেই ব্যক্তিজনৰ পৰা আই-ফোনটো কাঢ়ি লয়।

বৰ্তমান সময়ত " টক-তক " যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় এপ হিচাপে পৰিগণিত হৈছে । যুৱ প্ৰজন্মৰ মাজত "টিক-তক" ভিডিঅ প্ৰস্তুত কৰা আৰু ছছিয়েল মেডিয়াত আপলোড কৰাটো এক প্ৰকাৰ আসক্ত হৈ পৰিছে ছোৱালী অথবা লৰাৰ বাবে । দিল্লীত সংঘটিত হোৱা এই ঘটনাটোৰ যুৱক জনো ব্যতিক্ৰম নহয় ।

যতিন নাগাৰ নামৰ এই ২০ বছৰীয়া যুৱক জনে টিক-তক ভিডিঅ বনাবলৈ আই-ফোন কাঢ়ি নিয়ে । যুৱক জনে কিছুমান অস্বাভাৱিক কাণ্ড কৰাও পৰিলক্ষিত হয়। যুৱক জনে এজন ব্যক্তিৰ পৰা হাই-এণ্ড ফোন কাঢ়ি লয় কেৱল টিক-তক ভিডিঅত তেওঁক ভাল দেখিবলৈ ।

ইতিমধ্যে আৰক্ষীয়ে যুৱক জনক আটক কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে যুৱক জনে উন্নত টিক তক ভিডিঅ বনাবলৈ দামী মোৱাইল ফোন কাঢ়ি লৈ যায় ।

উত্তৰ দিল্লীৰ গুজাৰৱালা টাউনৰ যতিন চাব্ৰায়ে প্ৰীট বিহাৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পিছত এই ঘটনাটো পোহৰলৈ আহিছে । আবেদন খনৰ মতে , চাব্ৰায়ে এটা অনলাইন বানিজ্যিক চাইটত তেওঁৰ আই-ফোন XS বিক্ৰী কৰিব বুলি বিজ্ঞাপন দিছিল আৰু বিজ্ঞাপনৰ অনুসৰি তেওঁলৈ ক্ৰেতাৰ ফোন আহে । এই অনুসৰি ৮০,০০০ টকাত বিক্ৰী কৰিবলৈ বিহাৰ ট্ৰেফিক চিগনেলত উপস্থিত হয়।

কিন্তু যেতিয়া চাব্ৰায়ে সেই স্থানত ক্ৰেতা গৰাকীৰ বাবে অপেক্ষা কৰি আছিল, তেনে সময়তে বাইক লৈ অহা যুৱকে নিজকে ক্ৰেতা বুলি চিনাকী দিয়ে। চাব্ৰাক ফোনটো কিনাৰ আগত দেখুৱাবলৈ কয় । সেই সময়তে ফোনটো কাঢ়ি লৈ বাইক চালক জন উধাও হয়।

আৰক্ষীৰ জিলা অধীক্ষক জাচমিত সিঙে প্ৰকাশ কৰে যে, যুবক জনক বিকাশ মাৰ্গৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে । লগতে আই-ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক:বিশ্বৰ ভিতৰতে যান-জঁট সমস্যাৰ শীৰ্ষ স্থানত মুম্বাই, চতুৰ্থ স্থানত আছে দিল্লী

Next Story
চাকৰি