দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব তালিকা প্ৰকাশ

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব তালিকা প্ৰকাশ

আজি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় সমূহৰ কাট অব তালিকা প্ৰকাশ কৰা হৈছে । দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব তালিকা প্ৰকাশ। স্নাতকৰ প্ৰথমখন কাট অফ মাৰ্ক তালিকা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনে। সেই অনুসৰি, হিন্দু কলেজত ৰাজনীতি বিজ্ঞান বিষয়ৰ কাট অব মাৰ্ক ৯৯ শতাংশ। হিন্দু কলেজত পদাৰ্থ বিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৩ শতাংশ। লেডী শ্ৰীৰাম কলেজত মনোবিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। বাণিজ্য শাখাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ কাট অব মাৰ্ক ৯৮.৫ শতাংশ। লেডী শ্ৰীৰাম কলেজত অৰ্থনীতিৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। কিৰ’ৰী মল কলেজত ইংৰাজী বিষয়ৰ কাট অব মাৰ্ক ৯৭ শতাংশৰো ওপৰত। অৰ্থনীতি আৰু বি কমৰ কাট অব মাৰ্কো ৯৭ শতাংশৰ ওপৰত। হংসৰাজ কলেজত পূৰ্বতকৈ কাট অব মাৰ্ক বৃদ্ধি কৰা হৈছে। হংসৰাজ কলেজত অৰ্থনীতি বিষয়ৰ কাট অব মাৰ্ক ৯৭.২৫ শতাংশ। ইংৰাজীত ৯৮.৫ শতাংশ কাট অব মাৰ্ক হংসৰাজ কলেজত।

কাট অব তালিকা প্ৰকাশ কৰা কলেজ সমূহ হৈছে এচ আৰ চি চি , হাঞ্চৰাজ কলেজ, কিৰৰি মাল কলেজ , জেচেছ এণ্ড মেৰী কলেজ, সত্যবতী কলেজ, ভাগিনি নিবেদিতা কলেজ, দয়াল সিঙ কলেজ, শ্বহীদ ভগবত সিঙ কলেজ আৰু শিবাজী কলেজ।

বানিজ্য শাখাত শ্ৰী ৰাম কলেজ অথবা এচ আৰ চি চি কলেজৰ কাট অব মাৰ্ক ৯৮.৫% । বিগত বৰ্ষতকৈ এইবাৰ .৭৫% বৃদ্ধি হৈছে । আনহাতে কলা শাখাৰ অৰ্থনীতি বিষয়ত কাট অব ৯৮.৭৫ %।

কলা শাখাত এল এচ আৰ কলেজত সৰ্বোচ্চ কাট অব হৈছে ৯৮.৭৫ % । দিল্লী আৰ্টচ এণ্ড কমাৰ্চ কলেজৰ কাট অব ৯৮.৫০%।

হিন্দু কলেজত পদাৰ্থবিদ্যাত সৰ্বোচ্চ কাট অব ৯৮.৩%। পৰিসংখ্যা আৰু গনিতত সৰ্বোচ্চ ৯৭.৭৫%।

দায়াল সিঙ কলেজৰ কম্পিউটা বিজ্ঞানৰ কাট অব ৯৮.৩৩ % আৰু দাউলাত ৰাম কলেজ পদাৰ্থ বিজ্ঞানৰ কাট অব ৯৭.৬ %।

ডি চি এ চিত সাংবাদিকতাত ৯৮.৫০% , কিৰ'ৰ মাল কলেজত বানিজ্যি শাখাত কাট অব ৯৮.৫০ % । ২২ জুনলৈকে ৩,৬৭,৮৯৫ প্ৰাৰ্থীয়ে ৰেজিষ্ট্ৰাৰ কৰিছিল । ২,৫৮,৩৮৮ য়ে ইতিমধ্যে ধন জমা কৰিছে ।

লেডী শ্ৰীৰাম কলেজত মনোবিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। বাণিজ্য শাখাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ কাট অব মাৰ্ক ৯৮.৫ শতাংশ। লেডী শ্ৰীৰাম কলেজত অৰ্থনীতিৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com