বিচাৰিছিল জাগুৱাৰ, দিলে BMW : খঙত নদীত উটোৱাই দিলে BMW

বিচাৰিছিল জাগুৱাৰ, দিলে BMW : খঙত নদীত উটোৱাই দিলে BMW

'উপহাৰৰ কোনো ডাঙৰ সৰু নাথাকে । যিয়ে দিয়ে মৰম হিচাপে গ্ৰহণ কৰিব লাগে। ' সৰুতে সকলো মাতৃ- পিতৃয়ে লৰা- ছোৱালীক এই শিক্ষা দিয়ে । কিন্তু বৰ্তমান সময় পৰিবৰ্তন হৈছে । আৰু যেন সকলো কথাৰে অৰ্থও সলনি হৈছে। হাৰিয়ানাত সংঘটিত এক ঘটনায়ে যেন তাকে প্ৰমান কৰিছে।

হাৰিয়ানাৰ যমুনা নগৰত এজন যুৱকে মাক-দেউতাকক জাগুৱাৰ গাড়ী খন কিনি দিবলৈ দাবী কৰিছিল । কিন্তু মাক-দেউতাকে পুতেকক BMW এখন উপহাৰ দিয়ে । ইয়াতে পুতেকে খঙত BMW খন নদীত ঠেলি ঠেলি উটোৱাই দিয়ে । এই কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

লগতে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, যেতিয়া যুৱক জনে খঙত BMW গাড়ী খন নদীত উটোৱাই দিয়ে, তেতিয়া এটা ভিডিঅ বনাই ছছিয়েল মেডিয়াত প্ৰকাশ কৰে । গাড়ী খন পিছত ডাঙৰ গছ এডালৰ বাবে মাজতে লাগি ধৰে ।

পিছত যুৱক জনক BMW গাড়ী খন স্থানীয় লোকৰ সহায়ত পানীৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। ইয়াৰ সম্পৰ্কত আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে ।

এই সমগ্ৰ ঘটনায়ে এতিয়া তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। জাগুৱাৰ গাড়ীৰ দাম আৰম্ভ হয় ৪০.৬১ লাখৰ পৰা ২.৮০ কোটি লৈকে । আনহাতে BMW গাড়ী দাম ৩৫.২০ লাখৰ পৰা আৰম্ভ হৈ ২.৪৩ কোটিলৈকে কিনিব পাৰি ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Minister Keshab Mahanta visits Jhanjimukh flood-affected areas

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com