কোৰ্টত প্ৰথম দেখা, তাৰ পাছত প্ৰেম, তাৰ পিছত বিয়া: অপৰাধীৰ ঘৰৰ ন-বোৱাৰী আৰক্ষী বিষয়া

কোৰ্টত প্ৰথম দেখা, তাৰ পাছত  প্ৰেম, তাৰ পিছত বিয়া: অপৰাধীৰ ঘৰৰ ন-বোৱাৰী আৰক্ষী বিষয়া

এক আচৰিত যেন লগা ঘটনা । অপৰাধীৰ পিছে পিছে আৰক্ষী ঘূৰে ঠিকেই কিন্তু গেংষ্টাৰৰ পিছত কোৰ্ট , জেইল কৰোতে শেষত আৰক্ষী ঘৰৰ ন-বোৱাৰী হবলৈ বুলি কোনোৱে ভাবিব নোৱাৰে । এনে এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত । চিনেমাৰ কাহিনী সদৃশ এই অপৰাধ, তাৰ পাছত আৰক্ষীৰ অভিযান , তাৰ পাছত প্ৰেম আৰু বিবাহ ।দুধৰ্ষ গেংষ্টাৰ জনৰ লগত প্ৰেমত পৰে আৰক্ষী বিষয়া গৰাকী। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত এই আজৱ প্ৰেম কাহিনী ।

কোৰ্টত গেংষ্টাৰ ৰাহুল থাৰছানা নামৰ গেংষ্টাৰ জনক হাজিৰ কৰোৱা সময়তে আৰক্ষী বিষয়া পায়েলে প্ৰতক্ষ্য কৰে গেংষ্টাৰ ৰাহুলক। ৰাহুল থাৰছানা মনমোহন গোৱেল নামৰ এজনক হত্যা গোচৰত অভিযুক্ত আছিল । ২০১৪ চনৰ ৯ মেত আটক কৰা হৈছিল এই গেংষ্টাৰ জনক । লগতে ৰাহুল একাধিক লুট-পাট আৰু হত্যাৰ গোচৰত অভিযুক্ত ।

সুৰাজপুৰ কোৰ্টত পায়েল আৰু ৰাহুলে প্ৰথম দেখিছিল । সেই সময়ত পায়েলক সেই স্থানত পোষ্টিঙ আছিল । আৰক্ষীৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে, পায়েলে ৰাহুলৰ লগত কাৰাগাৰত থকা সময়ত আৰু বাহিৰলৈ ওলোৱাৰ পিছতো সম্পৰ্ক ৰক্ষা কৰিছিল ।

বহু বছৰ প্ৰেমৰ পিছত শেহতীয়াকৈ আৰক্ষী পায়েলে আৰু গেংষ্টাৰ ৰাহুলে বিবাহ পাশত আবদ্ধ হয় । তেওঁলোকক দৰা কইনা সাজত দেখিবলৈ পোৱা গৈছে । কিন্তু বিয়াৰ স্থান আৰু তাৰিখ উল্লেখ কৰা নাই । আনহাতে, এই সম্পৰ্কত পায়েলৰ মতামত প্ৰকাশ কৰা নাই। বিয়াৰ সময়ত পায়েল গৌতম বুদ্ধ নগৰ আৰক্ষী থানাত কৰ্মৰত । কিন্তু বৰ্তমান পায়েলক ক'ত নিয়োগ কৰা হৈছে সেই সম্পৰ্কে জানিব পৰা নাই।

আৰক্ষী বিষয়ায়ে প্ৰকাশ কৰা মতে সাম্ভাব্য পায়েলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব।

ভিডিঅ প্ৰতক্ষ্য কৰক: AAMSU members across Assam stages 2-hour sit-in | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com